Munna Bhai MBBS : ধেমাজি অসামৰিক চিকিৎসালয়ত ভুৱা MBBS

Munna Bhai MBBS : ধেমাজি অসামৰিক চিকিৎসালয়ত ভুৱা MBBS
ৰাজ্যত আকৌ ভুৱা MBBS ৷ এইবাৰ MBBS ৰ চিকিৎসা চলিল ধেমাজি অসামৰিক চিকিৎসালয়ত (Fraud doctor in Dhemaji)৷ চিকিৎসকৰ অনুপস্থিতিত চৰকাৰী চিকিৎসকৰ গাড়ী চালকে কৰিছে ৰোগীক চিকিৎসা ৷ এই অভিযোগ ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে অহা এগৰাকী ৰোগীৰ ৷
ধেমাজি, 6 আগষ্ট : মূৰৰ পৰা গেলিছে ৰাজ্যৰ স্বাস্থ্যখণ্ড ৷ স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তনৰ নামত ধেমাজি অসামৰিক চিকিৎসালয়ত চলিছে চৰম অৰাজগতা ৷ শনিবাৰে এই অভিযোগ উত্থাপন কৰিছে ধেমাজি অসামৰিক চিকিৎসালয়লৈ অহা এগৰাকী ৰোগীয়ে ৷ অভিযোগ অনুসৰি, ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ পৰিৱৰ্তে ৰোগীক স্বাস্থ্য পৰীক্ষা কৰে চিকিৎসকৰ গাড়ী চালকে (Fraud doctor in Dhemaji) ৷
চিকিৎসকৰ দৰেই ভুৱা চিকিৎসকগৰাকীয়ে ৰোগীক দিছে প্ৰেচকিপচন ৷ আনকি, ৰোগী ডিম্পী দিহিঙীয়াক কোনো স্বাস্থ্য পৰীক্ষা নকৰাকৈ দিছে আলটা চাউণ্ড কৰিবলৈ ৷ কিন্তু চিকিৎসকজনৰ চাল চলনৰ ওপৰত ৰোগী ডিম্পী দিহিঙীয়া আৰু তেওঁৰ আত্মীয়ৰ সন্দেহ ওপজে ৷
সেয়ে ৰোগী ডিম্পী দিহিঙীয়া আৰু তেওঁৰ অভিভাৱকে এই সন্দৰ্ভত চিকিৎসালয়খনৰ অন্য এগৰাকী চিকিৎসকক চিকিৎসকজনৰ বিষয়ে অৱগত কৰে ৷ পিছত ধেমাজি অসামৰিক চিকিৎসালয়ৰ 3 নং কক্ষত বহা চিকিৎসকগৰাকীৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ ঘটনাৰ ৰহস্য ৷
এই ঘটনাৰ পাচতে চিকিৎসালয়খনত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ (Tense situation in Dhemaji) ৷ এই খবৰ বিয়পি পৰাৰ পাচতে চিকিৎসালয়ত উপস্থিত হয় দল সংগঠনৰ লোক আৰু সংবাদকৰ্মীও ৷ ইতিমধ্যে এই ঘটনাক লৈ চিকিৎলায়ৰ কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰিছে ৰোগীসহ অভিভাৱকে ।
আনহাতে, চিকিৎসালয়খনত উপস্থিত হৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কৰ্মীয়ে চিকিৎসালয়ৰ চলি থকা এনে অৰাজকতা, মানুহৰ জীৱনৰ সৈতে হেতালি খেলা চিকিৎসক আৰু চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক : Assam’s Munna Bhai MBBS: ৰাহুল দাসৰ ভণ্ডামিয়ে কঁপাইছে সমগ্ৰ পাটাছাৰকুছি
