Assam’s Munna Bhai MBBS: ৰাহুল দাসৰ ভণ্ডামিয়ে কঁপাইছে সমগ্ৰ পাটাছাৰকুছি

author img

By

Published : Feb 10, 2022, 10:40 PM IST

as-01-rahul-das-munna-vis-vai-asc10080

কোন সঁচা কোন মিছা ! চাহ দোকানীৰ পুত্ৰ ৰাহুল দাসে সঁচাকৈ এইমছত নামভৰ্তিৰ সুযোগ পাইছিলনে ? কিয় উঠিছে জালিয়াতিৰ অভিযোগ ? জানিবলৈ পঢ়ক সবিশেষ...

পাঠশালা , 10 ফেব্ৰুৱাৰী : কিছুদিন পূৰ্বে সৰ্বভাৰতীয় পৰ্যায়ৰ NEET (NATIONAL ELIGIBILITY CUM ENTRANCE TEST 2022) পৰীক্ষাত উত্তীৰ্ণ হৈ মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিৰ্বাচিত হৈছিল বজালীৰ পাটাছাৰকুছিৰ ৰাহুল দাস নামৰ যুৱকজন ৷ সঁচাকৈয়ে চাহ দোকানী ৰাহুলে দিল্লীৰ এইমছত নামভৰ্তিৰ সুযোগ পোৱাতো আছিল যেন এটা সাধু কথা ৷ ৰাজ্যৰ প্ৰায় সকলো সংবাদ মাধ্যম ৰাহুলৰ প্ৰসংসাত হৈ পৰিছিল পঞ্চমুখ ৷ আনকি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চলি আছে সম্প্ৰতি ৰাহুল বন্দনা (News for a week) ।

as-01-rahul-das-munna-vis-vai-asc10080
ৰাহুল দাসৰ ভণ্ডামিয়ে কঁপাইছে সমগ্ৰ পাটাছাৰকুছি

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ৰাহুলৰ পঢ়াৰ সমস্ত দায়িত্ব ল’ব বুলি ঘোষণা কৰিছিল ৷ আনকি ৰাহুলৰ এই সাফল্যৰ বাতৰি লাভ কৰাৰ পাছতেই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাহুলক তেওঁৰ গুমতি দোকানত আহি সাক্ষাৎ কৰি শুভেচ্ছা জনাই ৰাহুলক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দিয়ে ৷

ৰাহুল দাসৰ ভণ্ডামিয়ে কঁপাইছে সমগ্ৰ পাটাছাৰকুছি

এই খবৰৰ লগে লগে বহু লোকে দুখীয়া পৰিয়ালৰ ছাত্ৰ ৰাহুলক আৰ্থিকভাৱে সহায় কৰিবলৈও আগবাঢ়ি আহিছিল । পিছে ইয়াৰ পাছতে অঞ্চলটোৰ কেইগৰাকীমান সচেতন যুৱকৰ অনুসন্ধানত ওলাই পৰিল ৰাহুলৰ ভণ্ডামি (Tea Seller Sons AIIMS Seat Story A Lie) । ৰাহুল দাসৰ বিৰুদ্ধে এতিয়া উঠিছে জালিয়াতিৰ অভিযোগ ৷

এইমছত নামভৰ্তিৰ সুযোগ পোৱাটো দূৰৈৰ কথা, বৰং পৰীক্ষাত ৰাহুলে মাত্ৰ ১০৬ নম্বৰহে লাভ কৰা বুলি অভিযোগ উঠিছে । অভিযোগ অনুসৰি, এইমছত নামভৰ্তিৰ সূযোগ পোৱা বুলি ৰাহুলে সংবাদ মাধ্যমক বিলাই ফুৰিছিল ভুৱা এডমিট আৰু মাৰ্কশ্বিট । এই ঘটনাৰ পিছতে এতিয়া ৰাহুলৰ পৰিয়ালে 10 বছৰ ধৰি চলাই থকা চাহৰ দোকানখন আঁতৰাই দিছে মাটিৰ মালিক মণ্টু শৰ্মাই । দোকান বন্ধ থকাৰ লগতে ৰাহুলৰ মাতৃও অন্তৰ্ধান হৈ আছে । তাৰ বিপৰীতে কিন্তু ৰাহুল দাসে ফোন কৰিলে তেওঁ সঠিক বুলি দাবী কৰাৰ অভিযোগ উঠিছে ।

ৰাহুলৰ এই ভণ্ডামিৰ ফলত লজ্জিত অনুভৱ কৰিছে পাটাছাৰকুছি বাসীয়ে । এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কোন সঁচা কোন মিছা ? ৰাহুলে এইমছত নামভৰ্তিৰ সুযোগ পোৱা কথাটো প্ৰকৃততে সঁচা হয়নে নহয় ? যদি হয় তেন্তে তেওঁৰ বিৰুদ্ধে এই অভিযোগ কিয় ? আৰু যদি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা, তেন্তে তেওঁ এই কাম কৰিলে কিয় ? এয়া পৰৱৰ্তী সময়তহে জনিবলৈ পোৱা যাব ৷

লগতে পঢ়ক : চাহ বিক্ৰী কৰি মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিৰ্বাচিত ৰাহুল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.