চাহ বিক্ৰী কৰি মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিৰ্বাচিত ৰাহুল !

author img

By

Published : Feb 5, 2022, 1:26 PM IST

assam-youth-selected-for-admission-to-medical-course

মাতৃৰ সৈতে এখন সৰু গুমতিত শ্ৰম কৰি চিকিৎসক হোৱাৰ বাবে সাজু পাটাছাৰকুছিৰ এজন যুৱক ৷ সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত(NATIONAL ELIGIBILITY CUM ENTRANCE TEST 2022) উত্তীৰ্ণ হৈ মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিৰ্বাচিত হৈছে যুৱকজন ৷ যুৱকজনক সকলো ধৰণৰ সহায়ৰ আশ্বাস মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷

বজালী, 5 ফেব্ৰুৱাৰী : সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত উত্তীৰ্ণ হৈ মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিৰ্বাচিত হৈছে অসমৰ এজন যুৱক ৷ যুৱকজন বজালীৰ পাটাছাৰকুছিৰ ৰাহুল দাস । সৰুৰে পৰা অতি কষ্টৰে পঢ়া শুনা কৰি অহা ৰাহুলৰ এই সাফল্যৰ বাতৰিয়ে এতিয়া মাকৰ চকুত বিৰিঙাই তুলিছে প্ৰাপ্তিৰ চকুপানী ৷ মাকৰ লগত এখন সৰু গুমটি দোকান চলাই চাহ বিক্ৰী কৰি তাৰ মাজতে অধ্যয়নেৰে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰি আহিছে ৰাহুলে ।

ৰাহুল দাস

সৰুৰে পৰা বিজ্ঞানৰ প্ৰতি আগ্ৰহী ৰাহুলে স্কুলত পঢ়া সময়ছোৱাত বিজ্ঞানৰ মডেল সাজি নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দিছিল ৷ ৰাহুলৰ বিজ্ঞানৰ মডেল নেচনেল চাইঞ্চ কংগ্ৰেছত প্ৰশংসিত হৈছিল ৷ বজালী উচ্চতৰ মাধ্যমিক পঢ়া ৰাহুলে একাদশ আৰু দ্বাদশ শ্ৰেণী পাটাছাৰকুছি বিদ্যাপীঠত পঢ়িছিল৷ একেবাৰেই সীমিত সুবিধাৰে আৰু একাগ্ৰতা তথা মনোবলেৰে শেষত সপোনৰ বাট বিচাৰি পালে ৰাহুল দাসে ৷

যি সময়ত লাখ লাখ টকা ব্যয় কৰি ক’ছিং লৈও তুমুল প্ৰতিযোগিতাৰ দৌৰত নিজকে উত্তীৰ্ণ কৰাবলৈ বহু ছাত্ৰ ছাত্ৰী সমৰ্থ নহয় ৷ তেনে সময়তে ৰাহুলৰ সাফল্যই এটা কথাকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে যে দৰিদ্ৰতাই সাফল্যৰ পথত হেঙাৰ হ’ব নোৱাৰে ৷ নিজৰ কষ্টৰ ফলত এতিয়া ৰাহুলে সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত উত্তীৰ্ণ হৈ নিৰ্বাচিত হৈছে মেডিকেল পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ বাবে সুযোগ লাভ কৰে ৷

ইয়াৰ পূৰ্বে ৰাহুলে Cipet ত প্লাষ্টিক ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মা (Diploma in Plastics Technology) পাঠ্যক্ৰমো সম্পূৰ্ণ কৰিছে ৷ ৰাহুলৰ এই সাফল্যৰ বাতৰি লাভ কৰাৰ পাছতেই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাহুলক তেওঁৰ গুমতি দোকানত আহি সাক্ষাৎ কৰে আৰু এই সাফল্যৰ বাবে শুভেচ্ছা জনায় ৷ তেওঁ ৰাহুলক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দিয়ে ৷

লগতে পঢ়ক : অইলৰ পৰীক্ষাত চক্ৰান্ত সন্দৰ্ভত আছুৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.