ETV Bharat / state

ডিমা হাছাওত অব্যাহত মুষলধাৰ বৰষুণ: ব্যাহত স্বাভাৱিক জনজীৱন - Dima Hasao weather

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 5:05 PM IST

Rainfall in Dima Hasao
ডিমা হাছাওত অব্যাহত মুষলধাৰ বৰষুণ (ETV Bharat Assam)

Rainfall in Dima Hasao: ডিমা হাছাওত অব্যাহত আছে বৰষুণৰ প্ৰকোপ ৷ ব্যাঘাত জন্মিছে স্বাভাৱিক জনজীৱনত ৷ জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা ৷

হাফলং, 5 মে’ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাও জিলাত অব্যাহত আছে ধাৰাসাৰ বৰষুণ । নেৰানেপেৰা বৰষুণে সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে ডিমা হাছাও জিলাৰ স্বাভাৱিক জনজীৱন ।

উল্লেখ্য যে শনিবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছিল যে দেওবাৰৰ পৰা ডিমা হাছাও জিলাত বিজুলী, ঢেৰেকনিসহ প্ৰচণ্ড ধুমুহা-বৰষুণৰ সম্ভাৱনা আছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰাৰ পিচতে দেওবাৰ দিনৰ পৰা ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে ।

ইপিনে গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ডিমা হাছাও জিলা প্ৰশাসনে যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি কৰে । ডিমা হাছাও জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ প্ৰশমন বিভাগে শনিবাৰৰ নিশা 8 বজাৰ পৰা হাফলং-শিলচৰ সংযোগী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা আৰু হাৰেংগাজাও অংশত গধুৰ যান-বাহনসহ বাণিজ্যিক যান-বাহন চলাচলৰ ক্ষেত্ৰত অনিৰ্দিষ্টকালৰ বাবে নিষেধাজ্ঞা জাৰি কৰে ।

তদুপৰি ধাৰাসাৰ বৰষুণৰ সময়ত পাহাৰীয়া জিলাখনৰ সাধাৰণ নাগৰিক যাতে কোনো জৰুৰী কাম বা চিকিৎসাজনিত কাৰণৰ বাহিৰে ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযায় তাৰ পৰামৰ্শ দিছিল জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগে । আনহাতে যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ বাবে জিলা প্ৰশাসনে তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰে । যদি কোনোধৰণৰ প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে, তেনেহ’লে তাৎক্ষণিকভাৱে উক্ত হেল্পলাইন নম্বৰলৈ ফোন কৰি জনোৱাৰ বাবে আহ্বান জনায় প্ৰশাসনে ।

উল্লেখ্য যে, নেৰানেপেৰা বৰষুণৰ ফলত জাতিংগা, লামপুৰ আৰু নিউহাৰেংগাজাও ষ্টেচনৰ কিছু অংশ ৰে’ল লাইন বহি যোৱাৰ ফলত লাইনচ্যুত হৈছিল এখন মালবাহী ৰে’লৰ ইঞ্জিন ৷

লগতে পঢ়ক: সাৱধান ! প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ; আগন্তুক পাঁচ দিনলৈ অসমত প্ৰবল ধুমুহা-বতাহ অহাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.