ETV Bharat / state

সাৱধান ! প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ; আগন্তুক পাঁচ দিনলৈ অসমত প্ৰবল ধুমুহা-বতাহ অহাৰ সম্ভাৱনা - Assam Weather Forecast

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 8:21 AM IST

Assam Weather report : ৰাজ্যৰ বিভিন্ন ঠাইত পুনৰ আগন্তুক পাঁচ দিনলৈ ধুমুহা আহিব । শনিবাৰৰ পৰা সাত মে’লৈকে ৰাজ্যৰ লগতে উত্তৰৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কিছু ঠাইত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহা, বিজুলী ঢেৰেকণি অহাৰ সম্ভাৱনা ৷

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ (ETV Bharat Assam)
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ (ETV Bharat Assam)

মিৰ্জা, 4 মে’ : ৰাজ্যত পুনৰ প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰ ৰূপ ৷ এইবাৰ বতৰ বিজ্ঞানীয়ে জাৰি কৰি সতৰ্কবাণী । শুকুৰবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে বতৰৰ আগজাননী সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ৷

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰা অনুসৰি, ৰাজ্যৰ বিভিন্ন ঠাইত পুনৰ আগন্তুক পাঁচ দিনলৈ ধুমুহা আহিব । সাগৰপৃষ্ঠৰ পৰা 1.5 কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত ধুমুহা বতাহ বৰষুণৰ প্ৰভাৱ পৰাৰ যথেষ্ট সম্ভৱনা আছে ।

অহা 24 ঘন্টাৰ ভিতৰত অসমৰ লগতে মেঘালয়, নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ উপৰিও বিজুলী ঢেৰেকণিৰ হোৱাৰো সম্ভাৱনা আছে । তাৰ মাজতে আগন্তুক পাঁচ দিনলৈ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কিছু কিছু অঞ্চলত মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভৱনা আছে ।

ঠিক তেনেদৰে আজিৰ (শনিবাৰ) পৰা অহা সাত মে’লৈ ৰাজ্যৰ লগতে উত্তৰৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কিছু ঠাইত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ উপৰিও বিজুলী ঢেৰেকণি অহাৰ সম্ভাৱনা প্ৰকট ৷ এই কথা জানিবলৈ দিয়ে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, জলবায়ু পৰিৱৰ্তন আৰু প্ৰকৃতিৰ অস্বাভাৱিক ৰূপৰ ফল ভোগ কৰিছে পৃথিৱীবাসীয়ে । বৰ্তমান সময়ত ভাৰতৰ প্ৰায়কেইখন ৰাজ্য তাপ প্ৰবাহৰ গৰাহত সোমাই পৰিছে । ব্যতিক্ৰম নহয় অসমো । এফালে অস্বাভাৱিক উষ্ণতা বৃদ্ধি আৰু আনফালে অভাৱনীয় হাৰত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে ৰাজ্যত বিৰূপ অৱস্থাৰ সৃষ্টি হৈছে ।

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, যোৱা এক মাৰ্চৰ পৰা 2 মে’ পর্যন্ত অসমত স্বাভাৱিক পৰিমাণতকৈ 33% কম বৰষুণ হৈছে । কেন্দ্ৰটোৰ তথ্য অনুসৰি, এই সময়ছোৱাত অসমত 263.3 মিঃমিঃ বৰষুণ হ'ব লাগিছিল যদিও 177.7 মিঃমিঃহে হৈছে । যোৱা এক মাৰ্চৰ পৰা 2 মে’ পর্যন্ত উত্তৰ-পূবৰ বাকীকেইখন ৰাজ্যৰ অৱস্থা আৰু ভয়াৱহ ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, এই সময়ছোৱাত মেঘালয়ত 69%, মিজোৰামত 63%, মণিপুৰত 45%, ত্ৰিপুৰাত 43%, অৰুণাচলত 26% কমকৈ বৰষুণ হৈছে ।

লগতে পঢ়ক :

ৰাজ্য়ত ধুমুহা-শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন - HEAVY RAIN IN ASSAM

ৰাজ্যত অভাৱনীয় হাৰত কমিছে বৰষুণ, স্বাভাৱিকতকৈ ৩৩% কম হৈছে বৰষুণ - Rainfall Rates in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.