ETV Bharat / state

ৰাজ্যত অভাৱনীয় হাৰত কমিছে বৰষুণ, স্বাভাৱিকতকৈ ৩৩% কম হৈছে বৰষুণ - Rainfall Rates in Assam

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 3:23 PM IST

ৰাজ্যত অভাৱনীয় হাৰত কমিছে বৰষুণ
ৰাজ্যত অভাৱনীয় হাৰত কমিছে বৰষুণ

Rainfall Rates in Assam : জলবায়ু পৰিৱৰ্তন আৰু প্ৰকৃতিৰ অস্বাভাৱিক ৰূপৰ ফল ভূগিছে পৃথিৱীবাসীয়ে । বৰ্তমান সময়ত ভাৰতৰ প্ৰায়কেইখন ৰাজ্য তাপ প্ৰবাহৰ গৰাহত । ব্যতিক্ৰম নহয় অসমো । এফালে অস্বাভাৱিক উষ্ণতা বৃদ্ধি আৰু আনফালে অভাৱনীয় হাৰত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে ৰাজ্যত বিৰূপ অৱস্থাৰ সৃষ্টি হৈছে ।

গুৱাহাটী, ২ মে' : বতৰ আৰু জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ছবিয়ে জৈৱ-বৈচিত্ৰ্যত চহকী অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনজীৱনলৈ ভয়াৱহ দিন কঢ়িয়াই আনিছে । জুন আৰু জুলাই মাহৰ দৰে গৰম পৰিছে মে' মাহৰ আৰম্ভণিতে ।

স্বাভাৱিকতকৈ তাপমান বৃদ্ধি পোৱাৰ বাবে প্রচণ্ড গৰমে দহিছে ৰাজ্যবাসীক । আনফালে বৰষুণৰ পৰিমাণো হ্ৰাস পাই আহিছে অভাৱনীয়ভাৱে । যাৰ বাবে হ্রাস পাইছে নদীৰ পানীৰ স্তৰ ।

উত্তৰ-পূৰ্বাঞ্চলত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ
উত্তৰ-পূৰ্বাঞ্চলত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰপৰা লাভ কৰা তথ্য অনুসৰি, যোৱা এক মাৰ্চৰপৰা আজি পর্যন্ত অসমত স্বাভাৱিক পৰিমাণতকৈ ৩৩% কম বৰষুণ হৈছে । কেন্দ্ৰটোৰ তথ্য অনুসৰি, এই সময়ছোৱাত অসমত ২৬৩.৩ মিঃমিঃ বৰষুণ হ'ব লাগিছিল যদিও ১৭৭.৭ মিঃমিঃহে হৈছে । যোৱা এক মাৰ্চৰপৰা আজি পর্যন্ত উত্তৰ-পূবৰ বাকীকেইখন ৰাজ্যৰ অৱস্থা আৰু ভয়াৱহ ।

বতৰ বিজ্ঞান কেন্দ্ৰৰপৰা লাভ কৰা তথ্য অনুসৰি, এই সময়ছোৱাত মেঘালয়ত ৬৯%, মিজোৰামত ৬৩%, মণিপুৰত ৪৫%, ত্ৰিপুৰাত ৪৩%, অৰুণাচলত ২৬% কমকৈ বৰষুণ হৈছে । বিগত এসপ্তাহ ধৰি অসমত তাপমান স্বাভাৱিকতকৈ বেছি ।

বতৰ বিজ্ঞান বিভাগৰ বৰষুণৰ তথ্য
বতৰ বিজ্ঞান বিভাগৰ বৰষুণৰ তথ্য

বতৰ বিজ্ঞান কেন্দ্ৰৰ বুধবাৰৰ তথ্য অনুসৰি, তাপমান ধুবুৰীত স্বাভাৱিকতকৈ ৫.৭° চেলচিয়াছ, গুৱাহাটীত ৩.৯° চেলচিয়াছ, মাজবাটত ১.৪° চেলচিয়াছ, শিলচৰত ২.৬° চেলচিয়াছ বেছি আছিল ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, আজিৰেপৰা ৭ মে' পর্যন্ত ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হ'ব পাৰে । বতৰৰ আগজাননী দিয়া বিভিন্ন বেচৰকাৰী সংস্থাই অহা ৭ মে'ত গুৱাহাটীত সর্বাধিক তাপমান ৩২° চেলচিয়াছ, গোৱালপাৰাত ৩৪° চেলচিয়াছ, নলবাৰীত ৩০° চেলচিয়াছ, ধুবুৰীত ২৯° চেলচিয়াছ, কোকৰাঝাৰত ৩১° চেলচিয়াছ হ'ব পাৰে বুলি আগজাননী দিছে ।

বতৰ বিজ্ঞান বিভাগৰ তথ্য
বতৰ বিজ্ঞান বিভাগৰ তথ্য

কিন্তু যদিহে বৰষুণ নাহে, তেন্তে উল্লেখ কৰা তাপমানত ভোটাৰ ৰাইজ ভোট দিবলৈ গৈ অসুবিধাত পৰিব পাৰে । লক্ষণীয়ভাৱে প্ৰচণ্ড গৰমে দেশৰ কেইবাখনো ৰাজ্যত ভোটদানৰ হাৰ নিম্নগামী কৰাৰ আশংকা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক : প্ৰতিকূল বতৰৰ বাবে ডিমা হাছাওত বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান - Heavy Storm In Dima Hasao

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.