ETV Bharat / state

ৰাজ্য়ত ধুমুহা-শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন - HEAVY RAIN IN ASSAM

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 2:27 PM IST

Heavy rain in Assam
শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন(ETV BHARAT ASSAM)

Heavy rain in Assam : ৰাজ্য়ৰ বিভিন্ন ঠাইত প্ৰকৃতিৰ তাণ্ডৱ ৷ পুৱতি নিশা অহা ভয়ংকৰ বতাহ-ধুমুহাত বিভিন্ন প্ৰান্তত বৃহৎ ক্ষয়-ক্ষতি হয় । ক্ষতিগ্ৰস্ত ৰাইজে চৰকাৰক সাহাৰ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।

শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ৩ মে': ৰাজ্য়ৰ বিভিন্ন ঠাইত যোৱা নিশা অহা এজাক প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে । ধেমাজিৰ উপৰি মৰাণ, কাছাৰ আদিত হোৱা প্ৰকৃতিৰ এই তাণ্ডৱে ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে । বহুতো পৰিয়ালৰ ঘৰৰ মুধচ ভাগি পৰাৰ লগতে টিনপাত আদি শিল পৰি ডাঙৰ ডাঙৰ ফুটাৰ সৃষ্টি হৈছে । ফলত থাকিবলৈ ঘৰ নোহোৱা হোৱাত ৰাইজে শীঘ্ৰে চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ।

ধেমাজে মাছখোৱা চৌখাম গাঁৱত ধুমুহা আৰু শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে ৷ ঘৰৰ চালত পৰি টিনপাত ফুটা কৰে । ফলত গাঁওখনৰ বহুকেইটা পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় ৷ এই অঞ্চলটোৰ দিগন্ত দত্ত, দূৰ্লভ দত্তকে ধৰি প্ৰায় ৩০ পৰিয়ালৰ ঘৰৰ চালত শিল পৰি ফুটাই চালনী ফুটাৰ দৰে কৰে ৷ কিছুমানৰ আনকি ঘৰৰ মজিয়াত পৰি জমা হয় ৷ আঠুৱা ওপৰতো জমা হয় শিলা টুকুৰা । এতিয়া ঘৰৰ ভিতৰৰ পৰা দেখে আকাশ ৷ এতিয়া টিনপাত কিনিবলৈ ধনৰ বাবে ক্ষতিগ্ৰস্ত পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

ইপিনে, আজি পুৱতি নিশা হঠাৎ অহা এজাক প্ৰৱল শিলাবৃষ্টি আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে মৰাণৰ পথালিবাম এলেকাত । শিলাবৃষ্টিয়ে পথালিবামৰ বৰপুখুৰী চেতিয়া গাঁও, গাইশালী চুক, চেতিয়া গাঁও, টেপৰচালিবামকে ধৰি প্ৰায় ৭খনৰো অধিক গাঁৱত বিস্তৰ ক্ষতিসাধন কৰে । প্ৰায় আধাঘণ্টা ধৰি হোৱা শিলাবৃষ্টিৰ ফলত বহু লোকৰ টিনপাত আদি ফুটি নাজল-নাথল অৱস্থাৰ সৃষ্টি হয় । বহু পৰিয়ালৰ ধানৰ ভঁ‌ৰাল ক্ষতিসাধন কৰাত ধান তিতি অনিষ্ট হৈছে ।

ইফালে, বাসগৃহসমূহ অনিষ্ট হোৱাত বহু পৰিয়ালৰ আশ্ৰয় স্থানো নোহোৱা হৈছে । শিলাবৃষ্টিৰ সমান্তৰালকৈ মুষলধাৰ বৰষুণ অহাত ঘৰৰ ভিতৰত একাঁ‌ঠু পৰ্যন্ত পানী হৈছে । শিলাবৃষ্টিয়ে বাৰীৰ পাণ, শাক-পাচলিকে ধৰি বহু শস্য অনিষ্ট কৰে । বহু মূল্যৱান গছো উভালি পৰে ধুমুহাৰ ফলত । গাঁও প্ৰধানকে ধৰি চৰকাৰী পক্ষৰ কোনো লোক এই মুহূৰ্তলৈকে ক্ষতিগ্ৰস্ত লোকৰ ওচৰত আহি ক্ষয়-ক্ষতি বুজ নোলোৱাৰ অভিযোগ উঠিছে ।

কাছাৰৰ ধলাইত শিলাবৃষ্টি আৰু ধুমুহাৰ তাণ্ডৱ চলোৱাত ক্ষতিগ্ৰস্ত হৈছে সহস্ৰাধিক লোক । মৃত্যু হৈছে পোহনীয়া পশু ধনৰো ৷ নিশা অহা বিধ্বংসী ধুমুহা তথা শিলাবৃষ্টিত কাছাৰ জিলাৰ ধলাইত ব্যাপক হাৰত ক্ষতিসাধন হৈছে । শিলাবৃষ্টিৰ ফলত বহুতো বাসগৃহৰ টিনপাত ফুটাই নষ্ট কৰে । লগতে বহু কেইখন বাহনৰ গ্লাছ ভাঙে ডাঙৰ আকৃতিৰ শিলে । প্ৰচণ্ড ধুমুহাই ধলাইৰ চান্নীঘাট, লায়লাপুৰ, ফ্ৰেঞ্চনগৰ, আৰাধনপুৰ, জামালপুৰ আদিকে ধৰি বিভিন্ন গাঁৱৰ লগতে বহুতো স্থানত ঘৰৰ টিনপাত উৰুৱাই নিয়ে ৷

লগতে পঢ়ক:প্ৰকৃতিৰ তাণ্ডৱত প্ৰাণ হেৰুৱালে এজনে - Heavy Storm In Charaideo

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.