অসম

assam

উচ্ছেদিতক সংস্থাপনৰ ক্ষেত্ৰত পৰমানন্দ ৰাজবংশীৰ সৈতে টেলিফোনিক সাক্ষাৎকাৰ

By

Published : Sep 25, 2021, 7:34 PM IST

sipajhar mla on garukhuti incident

ছিপাঝাৰ গৰুখুটিৰ হিংসাত্মক কাৰ্য তৃতীয় শক্তিৰ ষড়যন্ত্ৰ থকাৰ কথা প্ৰকাশ বিধায়ক পৰমানন্দ ৰাজবংশীৰ । উচ্ছেদিত লোকৰ সংস্থাপনৰ ক্ষেত্ৰতো মতামত আগবঢ়ালে বিধায়ক গৰাকীয়ে ৷

তেজপুৰ, ২৫ ছেপ্টেম্বৰ :দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ ঢলপুৰৰ গৰুখুটি প্ৰকল্পৰ উচ্ছেদ অভিযানত সংঘটিত আৰক্ষীৰ ওপৰত আক্ৰমণ হিংসাত্মক ঘটনাত পোনপটীয়াকৈ তৃতীয় শক্তিৰ হাত থকাৰ কথা স্বীকাৰ কৰে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে । ঘটনাৰ দুদিন পিছত সমষ্টিৰ বিধায়ক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে ইটিভি ভাৰতক এক টেলিফোন বার্তাত জনায় যে, অসম চৰকাৰৰ নিৰ্দেশত উচ্ছদিত লোকক পুনৰ সংস্থাপনৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

এখন মডেল ভিলেজ পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বুলিও তেওঁ অৱগত কৰে । তেওঁ কয় যে উক্ত দিনা সম্পূৰ্ণ সুচাৰুভাৱে কাম সম্পন্ন হৈছিল কিন্ত চুবুৰীয়া কিছুমান দুস্কৃতিকাৰীৰ দ্বাৰা অপ্ৰীতিকৰ কাৰ্য সংঘটিত হয় ৷ হঠাৎ আৰক্ষীৰ ওপৰত কিছু লোকে আক্ৰমণ কৰাৰ ফলস্বৰূপে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় । উক্ত গুলীচালনাত এটি ১২ বছৰীয়া শিশু আঘাট প্ৰাপ্ত হৈ মৃত্যু ঘটিছিল ।

উচ্ছেদিতক সংস্থাপনৰ ক্ষেত্ৰত পৰমানন্দ ৰাজবংশীৰ সৈতে টেলিফোনিক সাক্ষাৎকাৰ

জানিব পৰা মতে , শেখ ফৰিদ নামৰ এই লৰাজনে ঘটনাৰ পূৰ্বে সমীপৰ প্ৰায় ২ কিলোমিটাৰ দূৰৰ ডাকঘৰৰ পৰা তেওঁৰ আধাৰ কাৰ্ড আনিবলৈ গৈছিল আৰু সেইখন লৈ ঘূৰি অহাৰ সময়তে ঘৰৰ পৰা ১.৫ কিলোমিটাৰ নিলগত আৰক্ষীৰ গুলিত নিহত হয় ।

বিধায়ক ৰাজবংশীয়ে জানিবলৈ দিয়ে যে উক্ত শিশুটিৰ মাৰণোত্তৰ পৰীক্ষাৰ পিছত শনিবাৰে বিধায়কৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয় । ৰাজবংশীয়ে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে চৰকাৰে ইতিমধ্যে উচ্ছেদ কৰা লোক সকলৰ বাবে ১ হাজাৰৰ অধিক বিঘা ভূমি হস্তান্তৰ বাবে নিৰ্ধাৰিত কৰি ৰাখিছে ৷ কিন্তু এই লোকসকলৰ এখন শুদ্ধ তথা পূৰ্ণাংগ তালিকা লাভ কৰাৰ পিছত তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা হাতত লোৱা হৈছে ।

লগতে পঢ়ক :মাটিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’

ABOUT THE AUTHOR

...view details