অসম

assam

মঙলদৈত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল

By

Published : Sep 19, 2021, 12:55 PM IST

uman chain of garia maria desi in darrang

মঙলদৈত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল । জনগোষ্ঠীয় পৰিচয়ৰ মৰ্যদা প্ৰদানৰ দাবীত শনিবাৰে মঙলদৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ প্ৰতিবাদী কাৰ্যসূচী ৷

দৰং, 19 ছেপ্তেম্বৰ : শনিবাৰে প্ৰতিবাদত উত্তাল হৈ পৰিল দৰং জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ আহ্বানমৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা হয় মানৱ শৃংখল কাৰ্যসূচী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মঙলদৈতো গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী ৷

মঙলদৈত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল

সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ দাবী, ‘খিলঞ্জীয়া মুছলমান নহয়, নহয় অসমীয়া মুছলমান, আমাক লাগে গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ পৰিচয়’ ৷ তদুপৰি শীঘ্ৰে জনগোষ্ঠীয় পৰিচয়ৰে অভিহিত কৰাৰ দাবী ৰাজ্য চৰকাৰক ৷

লগতে পঢ়ক:বিশিষ্ট অধিবক্তা নিলয় দত্তৰ আকস্মিক বিয়োগ

উল্লেখ্য যে, ৰাজ্য চৰকাৰে শেহতীয়াভাৱে ৰাজ্যৰ গৰিয়া-মৰিয়া আৰু দেশী লোকসকলৰ বাবে শেহতীয়া বিধানসভাৰ অধিৱেশনত বিভিন্ন মত দাঙি ধৰে ৷ সেয়ে ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ অতি সোনকালে ৰূপায়ণ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷ আনকি গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদকাৰীসকলে বিভিন্ন দাবী সম্বলিত এখনি স্মাৰক পত্ৰ দৰং জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক:জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ দাবীত মানৱ শৃংখল প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details