বিশিষ্ট অধিবক্তা নিলয় দত্তৰ আকস্মিক বিয়োগ

author img

By

Published : Sep 19, 2021, 10:44 AM IST

Advocate niloy dutta expired

জ্যেষ্ঠ আইনজীৱী নিলয় দত্তৰ আকস্মিক বিয়োগ ৷ কৰ্ণাটকৰ কুৰ্গত শনিবাৰে নিশা প্ৰায় ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অধিবক্তাগৰাকীয়ে । অধিবক্তাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

গুৱাহাটী, ১৯ ছেপ্তেম্বৰ : বিশিষ্ট অধিবক্তা নিলয় দত্ত আৰু নাই । হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু ঘটে বিশিষ্ট অধিবক্তাগৰাকীৰ । কৰ্ণাটকৰ কুৰ্গত শনিবাৰে নিশা প্ৰায় ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অধিবক্তাগৰাকীয়ে ।

বৰ্তমান তেওঁৰ নশ্বৰদেহ কুৰ্গৰ পৰা বেংগালুৰুলৈ লৈ যোৱা হৈছে । দেওবাৰে আবেলি ৪ বজাত বেংগালুৰুতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব । বিবাহ বাৰ্ষিকী উদযাপন কৰিবলৈ পৰিয়ালৰ সৈতে তেওঁ কুৰ্গলৈ গৈছিল ।

লগতে পঢ়ক: দহ কোটি টকাত নিলাম হ’ল লাভলীনাৰ বক্সিং গ্ল’ভছ

নিলয় দত্ত কেৱল ৰাজ্যৰ এগৰাকী বিশিষ্ট অধিবক্তাই নাছিল, তেওঁ আছিল অসম ৰাজ্যিক আইন আয়োগৰ সদস্য আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মহাধিবক্তা তথা সুদক্ষ ক্ৰিকেট আম্পায়াৰ ৷

দত্তৰ আকস্মিক বিয়োগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে । জ্যেষ্ঠ আইনজীৱীগৰাকীৰ বিয়োগ ৰাজ্যৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মতপ্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাই ৷ প্ৰয়াত নিলয় দত্তৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: সংগীতেৰে হাজাৰজনৰ হৃদয় জিনা এজন সেনা ৰাম সিং ঠাকুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.