দহ কোটি টকাত নিলাম হ’ল লাভলীনাৰ বক্সিং গ্ল’ভছ

author img

By

Published : Sep 18, 2021, 9:26 PM IST

Lovlina Borgohains gloves ahead of Neeraj Chopras javelin

টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনাৰ বক্সিং গ্ল’ভছ নিলাম হ’ল দহ কোটি টকাত ৷ সবিশেষ জানো আহক ৷

স্পোৰ্টছ ডেস্ক, 18 ছেপ্টেম্বৰ : অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ জেভলিন আৰু ব্ৰঞ্জ বিজয়ী লাভলিনা বৰগোঁহাইৰ বক্সিং গ্ল’ভছ সাংস্কৃতি মন্ত্ৰণালয়ৰ দ্বাৰা আয়োজিত ই-নিলামত নিবিদাকাৰীসকলৰ প্ৰিয় হিচাপে বিবেচিত হয় ৷ লাভলিনাৰ গ্ল’ভছ আৰু চোপ্ৰাৰ স্বৰ্ণজয়ী জেভলিনৰ মূল্যই সৰ্বাধিক 10 কোটি টকা স্পৰ্শ কৰিছে ৷

ইয়াৰে লাভলীনাৰ গ্ল’ভছ জোৰৰ আধাৰ মূল্য আছিল 80 লাখ টকা, আনহাতে জেভলিনৰ মূল্য আছিল 1 কোটি টকা । টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী পি ভি সিন্ধুৰ এটা বেডমিণ্টন ৰেকেট আৰু বেগে ইয়াৰ ৮০ লাখ টকাৰ আধাৰ মূল্যৰ বিপৰীতে ২.২ কোটি টকাৰ নিবিদা লাভ কৰিছিল । পাৰালিম্পিয়ান কৃষ্ণ নগৰ, প্ৰমোদ ভগতৰ বেডমিণ্টন ৰেকেটসমূহে প্ৰতিখনত ৯০ লাখ টকাৰ নিবিদা প্ৰস্তুত কৰিছে ৷

আনহাতে টকিঅ' পেৰালিম্পিক ৰূপৰ পদক বিজয়ী এছ এল যথিৰাজৰ ৰেকেটে ৫০ লাখ টকাৰ নিবিদা লাভ কৰিছে । অলিম্পিকত চিএ ভৱানী দেৱীয়ে ব্যৱহাৰ কৰা ফেঞ্চটোৱে এতিয়ালৈকে কোনো নিবিদা লাভ কৰা নাই যাৰ আধাৰ মূল্য আছিল ৬০ লাখ টকা । টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা দেৱী হৈছে প্ৰথম ভাৰতীয় ফেঞ্চাৰ ৷

লগতে পঢ়ক : বড়োভূমিত এনকাউন্টাৰ:কেনেকৈ সংঘটিত হৈছিল সেই এনকাউন্টাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.