জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ দাবীত মানৱ শৃংখল প্ৰদৰ্শন

author img

By

Published : Sep 19, 2021, 10:26 AM IST

Human chain in Barpeta demanding community identity of Garia Maria desi

গৰিয়া-মৰিয়া দেশী লোকসকল থলুৱা অসমীয়া জনগোষ্ঠীসমূহৰ অন্যতম হিচাপে পৰিচিত । গ্ৰামাঞ্চলত স্ব-গোষ্ঠীয় লোকৰ সৈতে একেলগে বসবাস কৰা এই জনগোষ্ঠীৰ লোকসমূহে অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ দৰেই অৰ্থনৈতিক, শৈক্ষিক আদি দিশত অনগ্ৰসৰ । ভাষা, কৃষ্টি, সংস্কৃষ্টি, সাজ-পোছাক, লোকাচাৰ আদি কোনো ক্ষেত্ৰত থলুৱা অসমীয়া সমাজৰ পৰা পৃথক নহয় এইসকল লোক ।

বৰপেটা, 19 ছেপ্টেম্বৰ : গৰিয়া-মৰিয়া দেশী লোকসকলক জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ দাবীত শনিবাৰে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইয়াৰে অংশ হিচাপে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Human chain in Barpeta demanding community identity of Garia Maria desi
মানৱ শৃংখল প্ৰদৰ্শন

গৰিয়া-মৰিয়া দেশীলোকসকলে পূৰ্বৰে পৰা বহন কৰি থকা জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ বাবে চৰকাৰক দাবী জনায় ৷ তেওঁলোকে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে মুছলমানৰ সলনি গৰিয়া-মৰিয়া হিচাপেহে পৰিচয়ৰ দাবী উত্থাপন কৰে ৷

মানৱ শৃংখল প্ৰদৰ্শন

উল্লেখ্য যে, ৰাজ্য চৰকাৰে শেহতীয়াভাৱে ৰাজ্যৰ গৰিয়া-মৰিয়া আৰু দেশী লোকসকলক অসমীয়া মুছলমান তথা খিলঞ্জীয়া মুছলমান হিচাপে নামাকৰণ কৰিব বিচাৰিছিল ৷ তাৰ বিপৰীতে গৰিয়া-মৰিয়া আৰু দেশী হিচাপেহে নামকৰণ কৰাৰ দাবী তোলে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৷

Human chain in Barpeta demanding community identity of Garia Maria desi
মানৱ শৃংখল প্ৰদৰ্শন

পৰিষদে "আমাৰ অধিকাৰ, আমাক লাগিবই" শ্ল’গানেৰে বৰপেটা চহৰৰ ভিআইপি চ'ক উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : ৰাজ্যসভাৰ নিৰ্বাচন: ২১ ছেপ্টেম্বৰত মনোনয়ন দাখিল কৰিব সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.