ৰাজ্যসভাৰ নিৰ্বাচন: ২১ ছেপ্টেম্বৰত মনোনয়ন দাখিল কৰিব সোণোৱালে

author img

By

Published : Sep 18, 2021, 8:40 PM IST

Sarbananda Sonowal will file his nomination on September 21

ৰাজ্যসভাৰ এখন আসনৰ বাবে ২১ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিল কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শনিবাৰে বিয়লি বিধানসভা সচিবালয়ৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা আৰু দলৰ জ্যেষ্ঠ নেতা শান্তনু ভৰালীয়ে সোণোৱালৰ বাবে মনোনয়নৰ যাৱতীয় প্ৰ-পত্ৰ সংগ্ৰহ কৰে ।

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : ৰাজ্যসভাত খালি হৈ থকা এখন আসনৰ বাবে ২১ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিল কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ আসনখনৰ বাবে সৰ্বানন্দ সোণোৱালকেই প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে নাম ঘোষণা কৰে ৷ শনিবাৰে বিয়লি বিধানসভা সচিবালয়ৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা আৰু দলৰ জ্যেষ্ঠ নেতা শান্তনু ভৰালীয়ে সোণোৱালৰ বাবে মনোনয়নৰ যাৱতীয় প্ৰ-পত্ৰ সংগ্ৰহ কৰে ।

উল্লেখ্য যে, এখন আসনৰ বাবে ৪ অক্টোবৰত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ সোণোৱালৰ ঘনিষ্ঠ এক সূত্ৰই সদৰী কৰা মতে, ২১ ছেপ্টেম্বৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিব । মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২২ ছেপ্টেম্বৰ ।

লগতে পঢ়ক: AMCH ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিক উন্নত চিকিৎসাৰ বাবে GMCH লৈ স্থানান্তৰ

মনোনয়ন দাখিলৰ পূৰ্বে সোণোৱালে মাজুলীৰ বিধায়ক পদৰ পৰা ইস্তাফা দিব লাগিব । তেওঁ বিধায়ক পদ ত্যাগ কৰাৰ পিছত মাজুলী বিধানসভা সমষ্টিতো উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হ'ব । সাংবিধানিক বিধি অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ ছমাহৰ ভিতৰত সংসদলৈ নিৰ্বাচিত হৈ যাব লাগিব সোণোৱাল ।

ৰাজ্যসভালৈ সোণোৱাল যে বিনা যুদ্ধে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈ যাব সেয়া নিশ্চিত । কিয়নো কংগ্ৰেছকে ধৰি বিৰোধী পক্ষই ৰাজ্যসভাৰ এইখন আসনৰ বাবে কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰে । কাৰণ, ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যাব পৰাকৈ বিৰোধীৰ পৰ্যাপ্ত আসন আজিৰ তাৰিখত বিধানসভাত নাই ।

লগতে পঢ়ক: জৌংসাৰ মুছাহাৰীক ULB ৰ সদস্য সজোৱা হ'ল নেকি ! কি ক'লে পৰিয়ালৰ লোকে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.