জৌংসাৰ মুছাহাৰীক ULB ৰ সদস্য সজোৱা হ'ল নেকি ! কি ক'লে পৰিয়ালৰ লোকে ?

By

Published : Sep 18, 2021, 8:07 PM IST

thumbnail

বড়োভূমিৰ এনকাউন্টাৰক সহজভাৱে ল'ব পৰা নাই পাটগাঁৱৰ জৌংসাৰ মুছাহাৰীৰ পৰিয়ালে ৷ এনকাউন্টাৰত নিহত জৌংসাৰ মুছাহাৰীৰ লগতে আনজন যুৱক ইউএলবিৰ সদস্য নাছিল বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ৷ জৌংসাৰ মুছাহাৰীৰ পৰিয়ালৰ লোকে সদৰী কৰা মতে, ১৭ ছেপ্টেম্বৰত তেওঁলোক আফলাগাঁৱত এক দুৰ্ঘটনাত পতিত হয় আৰু ভৰিত আঘাতপ্ৰাপ্ত হয় । দুৰ্ঘটনাৰ পিছত গাঁৱৰ মানুহে আৰক্ষীক অৱগত কৰে আৰু ছেৰফাংগুৰী আৰক্ষীয়ে তেওঁলোকক আটক কৰি থানালৈ নিয়ে । থানাত লৈ যোৱাৰ পিছত নিশাই কেনেদৰে এনকাউণ্টাৰ হ'ল সেই সন্দৰ্ভত পৰিয়ালে আশ্চৰ্য প্ৰকাশ কৰিছে । অৱশ্যে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা যুৱক দুজন নৱগঠিত ইউএলবিৰ সদস্য বুলি তথ্য লাভ কৰাৰ কথা আৰক্ষীয়ে পৰিয়ালৰ লোকক অৱগত কৰিছিল । পূৰ্বতে জৌংসাৰ মুছাহাৰী এনডিএফবিৰ সদস্য আছিল যদিও বহুদিন পূৰ্বেই আত্মসমৰ্পন কৰিছে ৷ উল্লেখ্য যে, ১৫ দিনীয়া এটি কণ্যা সন্তানৰ পিতৃ আছিল জৌংসাৰ মুছাহাৰী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.