অসম

assam

ধৰ্ষণৰ গোচৰ মেনেজ কৰি দিম বুলি কৈ অভিযুক্তৰ ধন সৰকালে বিজেপি নেতাই

By

Published : Sep 26, 2021, 6:35 PM IST

bjp-leader-took-money-by-assuring-tempering-of-rape-allegation

এইবাৰ ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধৰ অভিযুক্তৰ গোচৰ মেনেজ কৰি দিয়াৰ নামত দালালি চলোৱা কাৰ্যত নাম সাঙোৰ খাইছে বিজেপি নেতাৰ ৷ কোন এই দালাল নেতা , জানো আহক ৷

হোজাই, 26 ছেপ্টেম্বৰ :হোজাই জিলাৰ লংকাত দুই বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ মেনেজৰ নামত দালালি কৰাৰ অভিযোগ উত্থাপিত হৈছে । লংকাত হোজাই জিলা বিজেপিৰ উপ সভাপতি তথা লংকা আৰক্ষী থানাৰ সভাপতি জগদীশ দাস আৰু হোজাই জিলা OBC মৰ্চাৰ জিলা সদস্য ৰঞ্জিত দেবনাথৰ ওপৰত থানাৰ গোচৰ মেনেজৰ নামত ধন দাবীৰ এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

লংকাৰ সুমা ৰাণী দাস নামৰ মহিলা এগৰাকীৰ পৰা থানাৰ গোচৰ মেনেজ কৰাৰ নামত ত্ৰিশ হাজাৰ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বিজেপি নেতাৰ বিৰুদ্ধে । উপায়ন্তৰ হৈ লংকা আৰক্ষী থানাত ভুক্তভোগীয়ে এজেহাৰ দাখিল কৰিছে বিজেপি নেতা কেইজনৰ বিৰুদ্ধে । উল্লেখযোগ্য যে, বিগত তিনিমাহ পূৰ্বে লংকাৰ সুমা ৰাণী দাসৰ পুত্ৰ তপন দাসৰ ওপৰত লংকা আৰক্ষী থানাত ৰুজু হৈছিল এক ধৰ্ষণৰ গোচৰ ।

উক্ত গোচৰ ৪৪১/২১ নম্বৰত লংকা আৰক্ষী থানাত পঞ্জীয়নো হৈছিল । পিছে গোচৰ মীমাংসা কৰি দিম বুলি আৰু আৰক্ষীয়ে আটক নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি সুমা ৰাণী দাসৰ পৰা এই দুই দালালে সৰকাইছিল ত্ৰিশ হাজাৰকৈ টকা ।

কিন্তু পৰৱৰ্তী সময়ত তপন দাসক ধৰ্ষণৰ গোচৰত লংকা আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে । তিনি মাহৰ অন্তত তপন দাস জেলৰ পৰা মুকলি হৈ আহাৰ পিছত মাতৃ সুমা ৰাণী দাসে নিজ পুত্ৰক লগত লৈ উক্ত দুই দালালৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰে লংকা আৰক্ষী থানাত । যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দালাল মুক্ত অসম কৰিবলৈ বিভিন্ন জনক জেলত ভৰাই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে, তেনে সময়তে এইবাৰ সৰিয়হৰ ডুলিতে এইদৰে ভূত ওলোৱা কাৰ্যই যথেষ্ট তাৎপৰ্য বহন কৰা দেখা গৈছে ।

লগতে পঢ়ক :গৰুখুটিত ধন সংগ্ৰহকাৰী কোন এই দালাল ?

ABOUT THE AUTHOR

...view details