অসম

assam

৩৩ হেজাৰ কে ভি বিদ্যুৎ পৰিবাহী তাঁৰত লাগি শ্ৰমিকৰ মৃত্যু

By

Published : Oct 27, 2021, 6:16 PM IST

বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যালয়ৰ টিনৰ চালত ৰঙৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু ৷ মৃত্যুৰ এঘন্টাৰ পাছতো উমি উমি জ্বলি থাকিল শ্ৰমিকজনৰ মৃতদেহটো ।

one died due to electrocution at chirang
৩৩ হেজাৰ কে ভি বিদ্যুৎ পৰিবাহী তাঁৰৰ লাগি মৃত্যু শ্ৰমিকৰ

চিৰাং, 27 অক্টোবৰ : চিৰাঙৰ চাপাগুৰীস্থিত বঙাইগাঁও বৈদ্যুতিক সংমণ্ডল-২ ( APDCL) কাৰ্যালয়ত বুধবাৰে সংঘটিত হয় ভয়ংকৰ ঘটনা । কাৰ্যালয়টোৰ ৩৩ হেজাৰ কে ভি বিদ্যুতৰ নিয়ন্ত্ৰণ কক্ষৰ টিনৰ চালত ৰঙৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ থিতাতে মৃত্যু হয় । ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথ আৰু বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনৰ নিচেই কাষতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা ।

শ্ৰমিকজনে কাৰ্যালয়টোৰ চালত ৰঙৰ কাম কৰি থকা সময়তে নিচেই কাষতে দি যোৱা ৩৩ হেজাৰ কে ভি বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহে ৷ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ পাছতো প্ৰায় এঘন্টা সময় উমি উমি জ্বলি আছিল শ্ৰমিকজনৰ মৃতদেহটো । ইয়াৰ পাছতেই অঞ্চলটোত উত্তপিত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই শ্ৰমিকজনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে স্থানীয় লোকে ৷

নিহত শ্ৰমিকজন বঙাইগাঁও জিলাৰ গৰাইমাৰী গাঁৱৰ বাসিন্দা মজিবৰ আলীৰ পুত্ৰ জিয়াৰুল হক (১৮) বুলি জানিব পৰা হৈছে । জিয়াৰুল হকে ঠিকাদাৰ ছাইফুল ইছলাম আৰু ছবৰ আলীৰ অধীনত বঙাইগাঁও বৈদ্যুতিক উপ সংমণ্ডল-২ কাৰ্যালয়ৰ ৩৩ হেজাৰ কে ভিৰ নিয়ন্ত্ৰণ কক্ষৰ ৰঙৰ কাম কৰি থকাৰ সময়ত এই শোকাৱহ ঘটনাটো সংঘটিত হয় ।

লক্ষ্যণীয় বিষয় যে, অতিকৈ স্পৰ্শকাতৰ তথা বিপদজনক এলেকাত প্ৰৱেশ কৰি শ্ৰমিকজনে ৰঙৰ কাম কৰি থকা সময়ত বিদ্যুৎবিভাগ কোনো বিষয়া তথা ঠিকাদাৰ উক্ত স্থানত উপস্থিত নাছিল বুলি নিহত শ্ৰমিকজনৰ সৈতে একেলগে কাম কৰা আন এজন শ্ৰমিক অভিযোগ কৰে ৷ তদুপৰি উক্ত স্থানত কোনো ধৰণৰ সুৰক্ষাৰো ব্যৱস্থা নাছিল ।

এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত এ পি ডি চি এলৰ (APCDL) কৰ্তৃপক্ষই ঠিকাদাৰক দোষাৰোপ কৰি গা এৰা মন্তব্য দি নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা কৰা দেখা যায় । দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছত দুৰ্যোগ প্ৰশমন বিভাগ আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত আহি উপস্থিত হয় ৷ বিদ্যুতৰ সংযোগ কৰ্তন কৰি নিয়ন্ত্ৰণ কক্ষৰ চালৰ পৰা মৃতদেহটো নমাই আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :ফৰেনছিক ৰিপ’ৰ্টত পোৱা গৈছে আকাশ চৌধুৰীৰ ফিংগাৰ প্ৰিণ্ট : মহানগৰ আৰক্ষী আয়ুক্ত

ABOUT THE AUTHOR

...view details