অসম

assam

উপ-নিৰ্বাচনত ইউপিপিএলৰ কোনো বিৰোধী নাই : ইউ জি ব্ৰহ্ম

By

Published : Oct 3, 2021, 10:53 AM IST

Prarthana scheme lunch by Minister U G Brahma

উপ-নিৰ্বাচনত ইউপিপিএলৰকোনো বিৰোধী নথকাত দলে নতুনকৈ একো প্ৰস্তুতি কৰিবলগীয়া নাই বুলি মন্তব্য চিৰাঙৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মৰ ৷ শনিবাৰে জিলাখনৰ সদৰ কাজলগাঁওস্থিত জিলা কেন্দ্ৰৰ সভাকক্ষত অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷ তামোলপুৰ আৰু গোঁসাইগাঁও যে ইউপিপিএল দলৰ দখললৈ যাব তাত কোনো সন্দেহ নাই বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷

চিৰাং, 3 অক্টোবৰ :চিৰাঙৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই শনিবাৰে জিলাখনৰ সদৰ কাজলগাঁওস্থিত জিলা কেন্দ্ৰৰ সভাকক্ষত অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ শুভাৰম্ভ কৰে । অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই বন্তি প্ৰজ্বলনেৰে প্ৰাৰ্থনা আঁচনিৰ শুভাৰম্ভ কৰে । ক’ভিডত আক্ৰান্ত হৈ যিসমূহ পৰিয়ালৰ সদস্য ঢুকাইছে সেই পৰিয়ালক প্ৰাৰ্থনা আঁচনিৰ অধীনত এক লাখ টকাৰ চেক বিতৰণ কৰা হয় ৷

চিৰাঙত প্ৰাৰ্থনা আঁচনি মুকলি মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

এই আঁচনিৰ অধীনত চৰকাৰে 7 টা পৰিয়ালক চেক বিতৰণ কৰে ৷ আঁচনিখন ৰূপায়নত যাতে কোনো দুৰ্নীতি সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰাখিছে চৰকাৰে ৷ আনহাতে অনুষ্ঠানত ১০ গৰাকীক অবিচি (অন্যান্য পিচপৰা শ্ৰেণী)ৰ প্ৰমানপত্ৰ বিতৰণ কৰে ।

চিৰাঙত প্ৰাৰ্থনা আঁচনি মুকলি মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

চিৰাং জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় ৰায়, বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰী, পাৰিষদ ছাইকং বসুমতাৰী, অতিৰিক্ত উপায়ুক্তৰ লগতে বিজেপি-ইউপিপিএল দলৰ বহুকেইজন নেতা উপস্থিত থাকে ৷ মন্ত্ৰী ইউ জি ব্ৰহ্মই গান্ধী জয়ন্তীৰ লগত সংগতি এই আঁচনি ৰূপায়নৰ কথা জানিবলৈ দিয়ে ৷

চিৰাঙত প্ৰাৰ্থনা আঁচনি মুকলি মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

মন্ত্ৰীগৰাকীয়ে লগতে উপ নিৰ্বাচনত তেওঁলোকৰ কোনো বিৰোধী নথকাত দলে নতুনকৈ একো প্ৰস্তুতি কৰিবলগীয়া নাই বুলিও উল্লেখ কৰে । তেওঁ বিপিএফ দলৰ কোনো অস্তিত্ব নাই বুলি উল্লেখ কৰাৰ লগতে তামোলপুৰ আৰু গোঁসাইগাঁও যে ইউপিপিএল দলৰ দখললৈ যাব তাত কোনো সন্দেহ নাই বুলি মন্তব্য কৰে ৷ বিজেপিৰে ইউপিপিএলৰ মিত্ৰতা পাঁচ বছৰ থাকিবই বুলি মন্ত্ৰী ব্ৰহ্মই দাবী কৰে ৷

লগতে পঢ়ক :শ্বেৰমান যদি পুৰুষ হয় দয়ানাথ শৰ্মাৰ কন্যাৰ সন্মুখত থিয় হওক: ড৹ জয়নাথ শৰ্মা

ABOUT THE AUTHOR

...view details