শ্বেৰমান যদি পুৰুষ হয় দয়ানাথ শৰ্মাৰ কন্যাৰ সন্মুখত থিয় হওক: ড৹ জয়নাথ শৰ্মা

By

Published : Oct 2, 2021, 8:55 PM IST

thumbnail

কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক এইবাৰ প্ৰত্যাহ্বান জনাইছে শ্বহীদ দয়ানাথ শৰ্মাৰ জ্যেষ্ঠ ভাতৃ, প্ৰাক্তন মন্ত্ৰী ড৹ জয়নাথ শৰ্মাই । দয়ানাথ শৰ্মাক হত্যাকাৰী বুলি আখ্যা দিয়া শ্বেৰমান আলী আহমেদক প্ৰত্যাহ্বান জনাই ড৹ শৰ্মাই কয় যে শ্বেৰমান যদি পুৰুষ হয় তেন্তে শ্বহীদ দয়ানাথ শৰ্মাৰ কন্যাৰ সন্মুখত থিয় দিয়ক । ইটিভি ভাৰতৰে হোৱা এক বিশেষ সাক্ষাৎকাৰত ড৹ জয়নাথ শৰ্মাই কয়, "শ্বেৰমান আলী আহমেদক বিধায়ক বুলি কবলৈ লাজ লাগে । কাৰণ তেওঁ যি ভাষা ব্যৱহাৰ কৰিছে সেয়া এজন বিধায়কৰ ভাষা নহয় । মই কৈছো- শ্বেৰমান আলী এজন হত্যাকাৰী । কাৰণ তেওঁ শ্বহীদক হত্যা কৰা সকলৰ পক্ষত থিয় দিছে । তেওঁ কৈছে যে সেই সময়ত তেওঁ থকা হ'লে দয়ানাথ শৰ্মাক তেঁৱেই হত্যা কৰিলেহেতেন । গতিকে, মই তেওঁক হত্যাকাৰী আখ্যা দিছো । সাহস আছে যদি তেওঁ মোৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ আনক । " ড৹ শৰ্মাই লগতে এইবুলিও কয় যে, শ্বহীদক লৈ যি ধৰণৰ কথা শ্বেৰমান আলী আহমেদে কৈছে সেই কথা তেওঁ গৰুখুটিৰ খিলঞ্জীয়া মুছলমান লোকসকলৰ আগত কোৱা হ'লে চৰ খালেহেতেন ৷ প্ৰকৃততে অসম আন্দোলনৰ সেই অভিশপ্ত দিনটোত কি হৈছিল ? কোনে হত্যা কৰিছিল ড৹ জয়নাথ শৰ্মাৰ ভাতৃ দয়ানাথ শৰ্মাক ? চাওক ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে হোৱা ডঃ জয়নাথ শৰ্মাৰ এই বিশেষ সাক্ষাৎকাৰ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.