অসম

assam

বিজনীত আমছুৰ কেন্দ্ৰীয় কমিটিৰ বিশেষ সভা

By

Published : Sep 18, 2020, 9:14 PM IST

আজি চিৰাং জিলাৰ বিজনীত আমছুৰ কেন্দ্ৰীয় কমিটিয়ে বিটিচিৰ জিলা পৰ্যায়ৰ আমছুসমূহৰ সৈতে এক সভাত মিলিত হয় ৷ উক্ত সভাখনত বিটিচিৰ অন্তৰ্গত আমছুৰ জিলা সমিতি সমুহৰ প্ৰতিনিধি,সংখ্যালঘু বুদ্ধিজীৱি সকল উপস্থিত থাকে ৷

Chirang AAMSU special meeting on minorities of BTC
বিজনীত আমছুৰ কেন্দ্ৰীয় কমিটিৰ বিশেষ সভা

চিৰাং, 18 ছেপ্তেম্বৰঃআজি চিৰাং জিলাৰ বিজনীত আমছুৰ কেন্দ্ৰীয় কমিটিয়ে বিটিচিৰ জিলা পৰ্যায়ৰ আমছুসমূহৰ সৈতে এক সভাত মিলিত হয় ৷ বিজনীৰ ড৹ বি.আৰ আম্বেদকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত বিটিচিৰ সংখ্যালঘু লোকসকলৰ বিভিন্ন সমস্যা আৰু আগন্তুক বিটিচি নিৰ্বাচনত সংখ্যালঘু লোকসকলৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয় ৷ উক্ত সভাখনত বিটিচিৰ অন্তৰ্গত আমছুৰ জিলা সমিতি সমুহৰ প্ৰতিনিধি,সংখ্যালঘু বুদ্ধিজীৱি সকল উপস্থিত থাকে ৷ বিটিচিৰ সংখ্যালঘু লোকলসকল বিভিন্ন সমস্যাৰে জৰ্জৰিত ৷ সেয়েহে আমছুৱে তেওঁলোকৰ সমস্যাৰ এক দাবী পত্ৰ তৈয়াৰ কৰি বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হোৱা সকলো ৰাজনৈতিক দলকে প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে,যিটো দলে সংখ্যালঘু সকলৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিব সেই দলকহে পৰৱৰ্তী সময়ত সংখ্যালঘু লোকসকলে সমৰ্থন দিয়াৰ বিষয়ে আলোচনা কৰা হ’ব বুলি স্পষ্টভাৱে সংবাদ মেলত প্ৰকাশ কৰে আমছুৰ নেতৃবৃন্দই ।

বিজনীত আমছুৰ কেন্দ্ৰীয় কমিটিৰ বিশেষ সভা

ইয়াৰ উপৰিও সভাখনত শাসকীয় বিজেপি চৰকাৰখনৰ ওপৰতো ক্ষোভ উজাৰে আমছুৱে ৷ বিজেপিয়ে কোনো উন্নয়নমূলক কাম কৰিব নোৱাৰা,মুল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা,অসমৰ জলন্ত সমস্যা সমাধানত ব্যাৰ্থ হোৱাৰ লগতে অসম ধ্বংস কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন অসমবাসীক জাপি দিছে ৷ কিন্তু ইয়াৰ পিছতো সময়ে সময়ে ৰাইজৰ বাবে বিভিন্ন আঁচনি মুকলি কৰি বিজেপিয়ে নিজৰ বিফলতাৰ পৰা অসমবাসীক আতৰাই ৰখাৰ কৌশল কৰি আহিছে । এনে অৱস্থাত দেশৰ অধিকাংশ লোকেই বিজেপিবিৰোধী স্থিতিত অৱস্থান কৰিছে বুলি মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৷ গতিকে অসম আৰু অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত সকলো লোকেই বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব বুলি দাবী কৰে আমছুৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক-দৰঙত প্ৰৱঞ্চক আটক

ABOUT THE AUTHOR

...view details