ETV Bharat / state

দৰঙত প্ৰৱঞ্চক আটক

author img

By

Published : Sep 18, 2020, 2:08 PM IST

খাৰুপেটীয়া আৰক্ষীৰ সফল অভিযান ৷ ভূৱা বেংক একাউণ্ট খুলি চৰকাৰী আঁচনিৰ নামত লক্ষাধিক টকা লুণ্ঠন কৰিছিল ইউকো বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত কৰ্মৰত সহিদুল ইছলাম নামৰ ব্যক্তিগৰাকীয়ে ৷ অৱশেষত আৰক্ষীয়ে আটক কৰে ব্যক্তিগৰাকীক ৷

Fraud caught by kharupetia police darrng assam etv bharat news
প্ৰৱঞ্চক আটক

দৰং,18 ছেপ্তেম্বৰ: দৰঙৰ খাৰুপেটীয়া আৰক্ষীৰ সফল অভিযান ৷ দীৰ্ঘদিনে ভূৱা বেংক একাউণ্ট খুলি চৰকাৰী আঁচনিৰ নামত লক্ষাধিক টকা লুণ্ঠন কৰিছিল ইউকো বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত কৰ্মৰত সহিদুল ইছলাম নামৰ ব্যক্তিগৰাকীয়ে ৷ জিলাখনৰ খাৰুপেটীয়া আৰক্ষীয়ে বৃহস্পতিবাৰে বিশ্বকৰ্মা পূজাৰ নিশা এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই প্ৰৱঞ্চকগৰাকীক আটক কৰে ৷ আটকাধীন ব্যক্তিগৰাকী খাৰুপেটীয়াৰ সমীপৰ বৰুৱাঝাৰৰ ইউকো বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত কৰ্মৰত আছিল ৷

Fraud caught by kharupetia police darrng assam etv bharat news
প্ৰৱঞ্চক আটক

আটকাধীন সহিদুলৰ বিৰুদ্ধে ইতিপূৰ্বে এম জি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে অন্যান্য বহু আঁচনিক অধীনত ভূৱা হিতাধিকাৰীৰ একাউণ্ট খুলি লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ব্যক্তিগৰাকীৰ বিৰুদ্ধে খাৰুপেটীয়া আৰক্ষী থানাত এই সংক্ৰান্তত ভাৰতীয় দণ্ডবিধিৰ 352/20 ধাৰাৰ অধীনত 417/419/406/409/420/34 নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ৷ আটকাধীন সহিদুল ইছলাম নামৰ ব্যক্তিগৰাকী ৰাজনৈতিক দল এআইইউডিএফ-ৰ 1/2 বৰুৱাঝাৰ গাঁৱৰ যুৱ মৰ্চাৰ আঞ্চলিক সমিতিৰ সভাপতি পদত ন্যস্ত আছিল ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে দৰং আৰক্ষীয়ে ৷

লগতে চাওকঃ গুৱাহাটীত ক’ভিড আক্ৰান্তৰ চিতাৰ জুইয়ে ছানি ধৰিছে আকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.