নলবাৰীৰ ঐতিহ্যপূৰ্ণ ৰাস মহোৎসৱলৈ আহিল হেমামালিনী (Hemamalini in Nalbari) ৷ মনোমোহা অভিনেত্ৰীগৰাকী শাসকীয় বিজেপি দলৰ মথুৰাৰ সাংসদো ৷ হেমামালিনীৰ দ্বাৰাই নলবাৰীৰ ৰাসক বিশ্ব দৰবাৰলৈ লৈ যোৱা হ’ব বুলি আশা আৰু দাবী কৰিছিল আয়োজকসকলে ৷ ড্ৰীমগাৰ্লক লৈ উছাহৰ অন্ত নাছিল নলবাৰীবাসীৰ (Nalbari Raas Mahotsav)৷ ৰাস মহোৎসৱত লোকে লিখি দিয়া ভাষণ পাঠ কৰিলে ড্ৰীমগাৰ্ল হেমামালিনীয়ে ৷
সোমবাৰে নিশা নলবাৰী ৰাসত দুৰ্বৃত্তই ভাঙি চুড়মাৰ কৰিলে জিলা উপায়ুক্তৰ গাড়ী (DC car vandalised by miscreants in Nalbari Raas ) ৷
আজি জনগোষ্ঠীয় যৌথ মঞ্চই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আহ্বান জনাইছে ১২ ঘণ্টীয়া অসম বন্ধৰ (12 hours Assam Bandh) । সমগ্ৰ অসমতে এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । একেদৰে উজনি অসমতো এই বন্ধৰ কিছু কিছু ঠাইত আংশিক আৰু কিছু ঠাইত সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ।
তেজপুৰত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত গাঁও পঞ্চায়তৰ সভাপতি (Dumper killed GP president in Tezpur) ৷ চামধৰা গাঁও পঞ্চায়তৰ সভাপতি চাইদুল বাচাৰ নিহত ৷ ঘটনাস্থলীত উপস্থিত আৰক্ষী ।
Modi@20_dreams_Mee_Delivery শীৰ্ষক গ্ৰন্থ উন্মোচন যোৰহাট বিজেপিৰ । দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিভিন্ন পদক্ষেপ আৰু কাৰ্যক্ৰম উপলব্ধ হ'ব উক্ত গ্ৰন্থখনত । ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট জিলা তাৰকাগৃহৰ সভাকক্ষত "Modi@20_dreams_mee_delivery" শীৰ্ষক এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয় (Book on Narendra Modi published) ।
মঙলবাৰে দৰঙৰ ধূলা কিশোৰী হত্যাকাণ্ডত গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্ত চিকিৎসকৰ জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Bail granted to three accused doctors) ৷
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে মঙলবাৰে ৰাজ্যজুৰি ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই (Demanding scheduling of six communities) ৷ যোৰহাটতো ব্যাপক ৰূপত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে (12 hour Assam bandh)। পুৱাৰ ভাগত চুতীয়া সন্থাই যোৰহাটৰ অজন্তা বাইপাছৰ সমীপত টায়াৰ জ্বলাই চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
ৰাজ্যজুৰি লাচিত দিৱস পালনত ব্যাপক প্ৰস্তুতি চলিছে । ব্যতিক্ৰম নহয় লখিমপুৰ । লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত বিশাল প্ৰস্তুতিৰে আয়োজন কৰা হৈছে লাচিত দিৱসৰ । হিন্দু যুৱ ছাত্র পৰিষদৰ উদ্যোগত কেন্দ্রীয়ভাৱে আয়োজন কৰা হৈছে দুদিনীয়া কাৰ্য্যসূচীৰে লাচিত দিৱস(Lachit Divas 2022 will be held at Lakhimpur) ।
মনত অযুত সপোন লৈ ৪ সন্তানৰ মাতৃয়ে চলাই গৈছে জীৱন সংগ্ৰাম (Goalpara woman life struggle)। চিলাই মেচিন ভাড়াত আনি বেগ প্ৰস্তুত কৰিছে মহিলাগৰাকীয়ে । বেগ বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে পৰিয়াল পোহপাল দিছে মহিলাগৰাকীয়ে ।
চলিত বৰ্ষৰ প্ৰথমাৰ্ধত ভাৰতত VLC মিডিয়া প্লেয়াৰ নিষিদ্ধ কৰা হৈছিল, যিটো এতিয়া আঁতৰাই দিয়া হৈছে। এই নিষেধাজ্ঞাৰ কোনো কাৰণ প্ৰকাশ কৰা হোৱা নাছিল আৰু এতিয়া ব্যৱহাৰকাৰীয়ে ইয়াক অফিচিয়েল ৱেবছাইটৰ পৰাও ডাউনলোড কৰিব পাৰিব ।