Preparations for Lachit Divas: লখিমপুৰৰ ত্যাগ ক্ষেত্রত লাচিত দিৱসৰ প্ৰস্তুতি তুংগত

author img

By

Published : Nov 15, 2022, 2:15 PM IST

preparations for lachit divas in lakhimpur

ৰাজ্যজুৰি লাচিত দিৱস পালনত ব্যাপক প্ৰস্তুতি চলিছে । ব্যতিক্ৰম নহয় লখিমপুৰ । লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত বিশাল প্ৰস্তুতিৰে আয়োজন কৰা হৈছে লাচিত দিৱসৰ । হিন্দু যুৱ ছাত্র পৰিষদৰ উদ্যোগত কেন্দ্রীয়ভাৱে আয়োজন কৰা হৈছে দুদিনীয়া কাৰ্য্যসূচীৰে লাচিত দিৱস(Lachit Divas 2022 will be held at Lakhimpur) ।

লখিমপুৰ,১৫ নৱেম্বৰ: লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত বিশাল প্ৰস্তুতিৰে আয়োজন কৰা হৈছে লাচিত দিৱসৰ । হিন্দু যুৱ ছাত্র পৰিষদৰ উদ্যোগত কেন্দ্রীয়ভাৱে আয়োজন কৰা হৈছে দুদিনীয়া কাৰ্য্যসূচীৰে লাচিত দিৱস(Lachit Divas 2022 will be held at Lakhimpur) । পৰিষদৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত আৰু জিলা সমিতিৰ সহযোগত অহা ২৩ আৰু ২৪ নৱেম্বৰত লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত আয়োজন কৰা হৈছে কেন্দ্রীয় লাচিত দিৱস(400th birth anniversary of Lachit Borphukan) ।

লখিমপুৰৰ ত্যাগ ক্ষেত্রত লাচিত দিৱসৰ প্ৰস্তুতি তুংগত

এই কাৰ্য্যসূচীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুকলি সভাত বিশ্ব হিন্দু মহাসংঘৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মহন্ত সুৰেন্দ্ৰ নাথ অৱধূটজী মহাৰাজে অংশগ্রহণ কৰিব । বিভিন্ন কাৰ্য্যসূচীত ৰাজ্যৰ কেইবাজনো মন্ত্রী, বিধায়ক, সাংসদ আদিৰ লগতে সাহিত্য, শিক্ষা, সাংস্কৃতিক জগতৰ ভালমান বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব ।

এই উপলক্ষে গঠন কৰা মূল উদযাপন সমিতিৰ লগতে বিভিন্ন আঠখনকৈ উপ-সমিতিয়ে এই দিৱস সফল ভাৱে উদযাপন কৰিবলৈ তৎপৰতাৰে কাম কৰি আছে । সমিতিয়ে এই দিৱস সফল কৰিবলৈ সকলোৰে সহযোগিতা কামনা কৰিছে ৷

লগতে পঢ়ক: Majuli youth success story : ৰঙালাও খেতিৰে স্বাৱলম্বী মাজুলীৰ মিনম পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.