Majuli youth success story : ৰঙালাও খেতিৰে স্বাৱলম্বী মাজুলীৰ মিনম পেগু

author img

By

Published : Nov 15, 2022, 1:14 PM IST

Majuli

মাজুলীত শিক্ষিত যুৱকে ৰঙালাও খেতিৰে স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে (Self reliant with agriculture) । মিনম পেগুৱে এই বছৰত ২২ লাখ টকা উপাৰ্জন লক্ষ্য আগত ৰাখিছে । ইয়াৰপূৰ্বে জাতিলাও খেতিৰে যথেষ্ট উপাৰ্জন কৰিছিল যুৱকজনে ।

মাজুলী,১৫ নৱেম্বৰ : কেৱল চৰকাৰী চাকৰিলৈ বাট চাই নাথাকি কৃষিকৰ্মৰে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে অসমৰ বহু শিক্ষিত যুৱক-যুৱতী । এইবাৰ ৰঙালাও খেতিৰে স্বাৱলম্বী হৈছে উজনি মাজুলীৰ মোৱামাৰি গাঁৱৰ মিনম পেগু নামৰ এজন যুৱক (Majuli boy self reliant with agriculture) ৷ যুৱকজনে সোনাৰীচাপৰিৰ সমীপৰ দদাবাৰীত ১৬ বিঘা মাটিত ৯,০০০ জোপা ৰঙলাও খেতি কৰি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে ।

ৰঙালাও খেতিৰে স্বাৱলম্বী মাজুলীৰ মিনম পেগু

উল্লেখ্য যে নদী দ্বীপ মাজুলীত নাই কোনো বৃহৎ উদ্যোগ, বৃহৎ প্ৰতিস্থান, যাৰ বাবে মাজুলীত নিৱনুৱা সমস্যাই ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ চৰকাৰী খণ্ডত শিক্ষকতা কৰা লোকৰ সংখ্যাই সৰ্বাধিক জিলাখনত ৷ তিনি শতাধিক গাঁৱক লৈ গঠিত জিলা খন প্ৰধানকৈ কৃষি প্ৰধান যদিও নিদিৰ্ষ্ট বয়সৰ লোকহে জড়িত কৃষি কৰ্মত ৷ শিক্ষা শেষ কৰাৰ পাছত অথবা পঢ়ি থকা কালতেই মাজুলীৰ বাহিৰত থাকিবলৈ লোৱা বহু যুৱকেই বহি:জিলাতেই বিভিন্ন উদ্যোগত কাম কৰি পৰিয়াল পোহপাল দিব লগা হয় ৷

বহু যুৱকে আকৌ উচ্চ শিক্ষা গ্ৰহণৰ পাছত বহি:ৰাজ্যলৈ গৈ ধন উপাৰ্জনৰ বাবে ছিকিউৰ্ৰিটী গাৰ্ডকে ধৰি বিভিন্ন ব্যক্তিগত প্ৰতিস্থানত কাম কৰে । শিক্ষা শেষ কৰাৰ পাছত কম সংখ্যক যুৱকেই গাঁৱত থাকি কৃষি কৰ্মত জড়িত হৈ নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ কঠোৰ সংগ্ৰাম অব্যাহত ৰাখিছে ৷

এই সকলৰ ভিতৰত মাজুলী মোৱামাৰি গাঁৱৰ মিনমে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে (Self reliant with pumpkin cultivation) ৷ কোনো চাকৰিলৈ বাট চাই নাথাকি ১৬ বিঘা মাটিত ৯,০০০ জোপা ৰঙলাওৰ খেতি কৰিছে মিনমে । এই কৃষিৰ জৰিয়তে প্ৰায় ২২ লাখ টকা উপাৰ্জনৰ লক্ষ্য স্থিৰ কৰিছে মিনমে ৷ বৰ্তমান সময়লৈকে ৬ লাখ টকাৰো অধিক ৰঙলাও বিক্ৰী কৰিছে মিনমে । প্ৰতিটো ৰঙালাওত ২৫ ৰ পৰা ৩০ টকা মূল্যত বিক্ৰী কৰিছে যুৱকজনে ৷

মাটি আমাৰ, বজাৰ আমাৰ মানসিকতাৰে কিছুদিন পূৰ্বে জাতিলাও খেটি কৰি লক্ষ্যাধিক টকা উপাৰ্জন কৰাৰ পাছত এতিয়া পুনৰ ৰঙলাও খেতিৰে স্বাৱলম্বী হোৱাৰ আশা প্ৰকাশ কৰিছে যুৱকজনে ৷ উল্লেখ্য যে প্ৰতিদিনে মিনমে পথাৰৰ ৰঙলাও মাজুলীকে ধৰি বিভিন্ন স্থানলৈ প্ৰেৰণ কৰে । শিক্ষা শেষ কৰাৰ পাছত নিবনুৱা বুলি ঘৰতে বহি নাথাকি যুৱকজনে এই কৃষিকৰ্ম আৰম্ভ কৰিছে । নিজৰ লগতে আন কেইবাগৰাকী লোকৰো উপাৰ্জনৰ পথ মুকলি কৰিছে মিনমে ।

লগতে পঢ়ক :Radio collar installation: ৰঙাপৰাত বন্যহস্তীৰ দেহত ৰেডিঅ'কলাৰ সংস্থাপনৰ প্ৰক্ৰিয়া অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.