Radio collar installation: ৰঙাপৰাত বন্যহস্তীৰ দেহত ৰেডিঅ'কলাৰ সংস্থাপনৰ প্ৰক্ৰিয়া অব্যাহত

author img

By

Published : Nov 15, 2022, 12:03 PM IST

Rangapara
বন্যহস্তীৰ শৰীৰত ৰেডিঅ'কলাৰ সংস্থাপন ()

ৰাজ্যত হস্তী মানুহৰ সংঘাত অব্যাত আছে (Man elephant conflict)। এই সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে বন বিভাগে বন্যহস্তীৰ দেহত ৰেডিঅ'কলাৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে । ৰঙাপৰাত বন বিভাগে ৰেডিঅ'কলাৰ সংস্থাপনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

ৰঙাপৰা,১৫ নৱেম্বৰ : ৰাজ্যত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে (Wild elephant terror in Assam)। তাৰ মাজতে বন বিভাগে বনৰীয়া হাতীত ৰেডিঅ'কলাৰ সংস্থাপন কৰা প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে । প্ৰথম দিনা অৰ্থাৎ ৰবিবাৰে বিশেষ অসুবিধা নোহোৱাকৈ বন বিভাগে ৰঙাপৰাত এজনী মাইকী বনৰীয়া হাতীৰ ডিঙিত ৰেডিঅ'কলাৰ সংস্থাপন কৰি অভিযান সফল কৰি তুলিছিল । কিন্তু তৃতীয়টো বনৰীয়া হাতীৰ ডিঙিত উক্ত ৰেডিঅ'কলাৰ সংস্থাপন কৰাৰ ক্ষেত্ৰত সফল হ'ব নোৱাৰিলে বন বিভাগে ।

ৰেডিঅ'কলাৰ সংস্থাপনৰ প্ৰক্ৰিয়া অব্যাহত

দিনজোৰা প্ৰচেষ্টাৰ অন্তত বিফল হয় অভিযানকাৰী দলটো । হস্তী-মানুহৰ সংঘাত ৰোধ কৰাৰ এক প্ৰয়াস হিচাপে শোণিতপুৰ জিলাত বন বিভাগ তথা বিশ্ব বন্যপ্ৰাণী সংস্থাই এই পদক্ষেপ গ্ৰহণ কৰিছিল (Man elephant conflict in Sonitpur)। সোমবাৰে ৰঙাপৰাৰ নামগাঁও চাহ বাগিচাত আশ্ৰয় গ্ৰহণ কৰি থকা ১০ জনীয়া হাতীৰ জাকত থকা দুটাকৈ বনৰীয়া হাতীক তিনিজনীয়া চিকিৎসকৰ দলটোৱে ট্ৰেংকুলাইজ কৰিছিল ।

এটা বনৰীয়া হাতীৰ বয়স কম হোৱাৰ বাবে আন এটা মাইকী হাতীৰ ডিঙিত ৰেডিঅ'কলাৰ লগোৱাৰ সিদ্ধান্ত লয় বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থাই । তিনিবাৰকৈ বনৰীয়া হাতীজনীক ট্ৰেংকুলাইজ কৰাৰ পাছতো লগত থকা পোৱালি হাতীটোৰ বাবে মাইকী হাতীজনীৰ ডিঙিত ৰেডিঅ'কলাৰ সংস্থাপন অসম্ভৱ হৈ পৰে । উপায় বিহীন হৈ অভিযানকাৰী দলটোৱে অভিযান সামৰিবলৈ বাধ্য হয় ।

অভিযানত পদ্মশ্ৰী বঁটা প্ৰাপ্ত তথা জ্যেষ্ঠ চিকিৎসক ডাঃ কুশল কোঁৱৰ শৰ্মা, পাণপুৰ বন্যপ্ৰাণী সংস্থাপন আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক ডাঃ চামছুল আলী, বেংগালুৰুৰ চিকিৎসক ডাঃ পৰিক্ষিত কাকতি উপস্থিত আছিল ।

ইফালে পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ প্ৰাধিকাৰী নৃপেন্দ্ৰ নাথ কলিতা, অসম হস্তী সংস্থাৰ বিষয়া কৌশিক বৰুৱা, ডব্লিউ ডব্লিউ এফৰ মুখ্য সমন্বয়ক অনুপম শৰ্মা, হিতেন বৈশ্য, অৰ্জুন কামডাৰ, আমাৰাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া ৰাজু শইকীয়াকে ধৰি তেজপুৰ-আমাৰাবাৰীৰ বনকৰ্মীসকল উপস্থিত আছিল । উল্লেখ্য যে যোৱা বৰ্ষৰ ১৪ নৱেম্বৰত তাৰাজুলি চাহ বাগিচাত এজনী মাইকী বনৰীয়া হাতীৰ ডিঙিত ৰেডিঅ'কলাৰ সংস্থাপন কৰিছিল বন বিভাগে ।

লগতে পঢ়ক :Rock quarry collapsed in Mizoram: মিজোৰামত শিলৰ পাহাৰ খহি পোত যোৱা 10 শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.