Assam Bandh : উজনি অসমত মিশ্ৰিত প্ৰভাৱ ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ অসম বন্ধৰ

author img

By

Published : Nov 15, 2022, 2:02 PM IST

Assam Bandh
Assam Bandh ()

আজি জনগোষ্ঠীয় যৌথ মঞ্চই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আহ্বান জনাইছে ১২ ঘণ্টীয়া অসম বন্ধৰ (12 hours Assam Bandh) । সমগ্ৰ অসমতে এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । একেদৰে উজনি অসমতো এই বন্ধৰ কিছু কিছু ঠাইত আংশিক আৰু কিছু ঠাইত সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ।

নিউজ ডেস্ক, ১৫ নৱেম্বৰ : আজি জনগোষ্ঠীয় যৌথ মঞ্চই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আহ্বান জনাইছে ১২ ঘণ্টীয়া অসম বন্ধৰ (12 hours Assam Bandh) । সমগ্ৰ অসমতে এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । একেদৰে উজনি অসমতো এই বন্ধৰ কিছু কিছু ঠাইত আংশিক আৰু কিছু ঠাইত সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । বিশেষকৈ বন্ধৰ আহ্বান জনোৱা সংগঠনকেইটাৰ প্ৰভাৱ থকা স্থানবোৰত ব্যাপক বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে (Assam Bandh demanding scheduling of 6 communities) ।

ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ অসম বন্ধৰ উজনি অসমত মিশ্ৰিত প্ৰভাৱ

গোলাঘাটত অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ

আজিৰ এই অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা দেখা যায় গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত (mixing impact of Assam Bandh in Golaghat) । প্ৰায়সংখ্যক দোকান-বজাৰ বন্ধ থকাৰ বিপৰীতে ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল সেৰেঙা হোৱা পৰিলক্ষিত হয় । গোলাঘাট নগৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধৰ সমৰ্থকে । নুমলীগড়তো বন্ধৰ সমৰ্থকে অসম বন্ধৰ সফল ৰূপায়ণ কৰাৰ আহ্বান জনোৱাৰ লগতে শীঘ্ৰেই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনায় । অন্যথা ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ইয়াতকৈও ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ।

টীয়কত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ টীয়কতো পৰা পৰিলক্ষিত হৈছে (impact of Assam Bandh in Jorhat Teok) ৷ পুৱাৰে পৰা সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ থকা পৰিলক্ষিত হৈছে ৷ উল্লেখযোগ্য এই যে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন সময়ত জনগোষ্ঠীসমূহক প্ৰতাৰণা কৰি আহিছে আৰু বৰ্তমান এই দাবী কেৱল নিৰ্বাচনৰ টোপলৈহে পৰিণত হৈছে বুলি অভিহিত কৰিছে জনগোষ্ঠীয় নেতাসকলে । কেৱল আলোচনাৰ মেজতে এই পৰ্যন্ত বিষয়টো ৰাখি সময় পাৰ কৰি আহিছে । সেয়ে এইবাৰ চৰকাৰখনে জনজাতিকৰণ প্ৰদান নকৰা পৰ্যন্ত অসম বন্ধকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি যাব বুলি সদৰী কৰিছে ।

চৰাইদেউ জিলাত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

আনহাতে, চৰাইদেউ জিলাৰ সোণাৰিতো অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে (Assam Bandha impact in Charaideu) । ছয় জনগোষ্ঠীক প্ৰতাৰিত কৰাৰ প্ৰতিবাদত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ সময়ছোৱাত সোণাৰিত বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল । বন্ধ হৈ পৰিছে দোকান-বজাৰ । চৰাইদেউ জিলা সদৰ সোণাৰিৰ লগতে দাঁতিকাষৰীয়া অঞ্চলতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । জিলাখনৰ ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে ।

ডিব্ৰুগড়ৰ বৰবৰুৱাত আটক প্ৰতিবাদকাৰী

ইফালে ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে বন্ধ সমৰ্থনকাৰীয়ে (Assam Bandha impact in Dibrugarh) । চৰকাৰ তথা আৰক্ষীৰ কঠোৰ সকীয়নিৰ পাছতো পুৱাতেই ডিব্ৰুগড়ৰ ঘাইপথত জ্বলে টায়াৰ । ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ ডিব্ৰুগড়ত সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় । অৱশ্যে জৰুৰী সেৱাসমূহ অব্যাহত আছে । বন্ধ আছে ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ । উল্লেখ্য, প্ৰতিবাদৰ মাজতে ডিব্ৰুগড় জিলাৰ টাই আহোম যুৱ পৰিষদৰ সম্পাদক দীপাংকৰ দুৱৰাক ডিব্ৰুগড়ৰ বৰবৰুৱাত টায়াৰ জ্বলাই প্ৰতিবাদ কৰি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰে আৰক্ষীয়ে ।

সৰুপথাৰতো ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

একেদৰে গোলাঘাট জিলাৰ সৰুপথাৰতো ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় (full impact of Assam Bandh in Golaghat) ৷ সৰুপথাৰ নগৰৰ প্ৰায়সংখ্যক দোকান-বজাৰ বন্ধ থকাৰ বিপৰীতে যান-বাহনৰ চলাচল সেৰেঙা হোৱা পৰিলক্ষিত হয় । ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদকে অসম বন্ধৰ সফল ৰূপায়ণ কৰাৰ আহ্বান জনোৱাৰ লগতে শীঘ্ৰেই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনায় । অন্যথা ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ইয়াতকৈও ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ৷

লগতে পঢ়ক :Assam Bandh: 12 ঘণ্টীয়া অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ, ঠায়ে ঠায়ে জ্বলিছে টায়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.