ETV Bharat / state

ড৹ পূৰ্ণিমা দেৱী বৰ্মনলৈ গ্ৰীণ অস্কাৰ হুইটলি গোল্ড এৱাৰ্ড 2024 - Green Oscar Whitley Gold Award 2024

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 7:50 PM IST

GREEN OSCAR WHITLEY GOLD AWARD 2024
DR PURNIMA DEVI BARMAN (Etv Bharat)

Dr Purnima Devi Barman : অসমবাসীলৈ এক সুখবৰ ৷ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমবাসীক পুনৰ এবাৰ মূৰ তুলি থিয় হ’বলৈ সুযোগ দিলে এগৰাকী মহিলাই ৷ নাম যাৰ ড৹ পূৰ্ণিমা দেৱী বৰ্মন ৷ বৰ্মনলৈ আগবঢ়োৱা হৈছে 'গ্ৰীণ অস্কাৰ' হুইটলি গোল্ড এৱাৰ্ড 2024 ৷

গুৱাহাটী, ২ মে ': জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে নিৰন্তৰ প্ৰচেষ্টাক উৎসাহিত কৰাৰ বাবে আৰণ্যকৰ সংৰক্ষণ জীৱ বিজ্ঞানী ড৹ পূৰ্ণিমা দেৱী বৰ্মনক প্ৰদান কৰা হৈছে 'গ্ৰীণ অস্কাৰ' হুইটলি গোল্ড এৱাৰ্ড 2024 (Whitley Gold Award 2024) ৷ দুস্প্ৰাপ্য হাড়গিলা সংৰক্ষণত আগবঢ়োৱা অৰিহণাৰ বাবে তেওঁক প্ৰদান কৰা হৈছে এই বঁটা ৷

GREEN OSCAR WHITLEY GOLD AWARD 2024 TO DR PURNIMA DEVI BARMAN
ড৹ পূৰ্ণিমা দেৱী বৰ্মনলৈ গ্ৰীণ অস্কাৰ হুইটলি গোল্ড এৱাৰ্ড (Source : ইটিভি ভাৰত অসম)

ভাৰতীয় সময় অনুসৰি, বুধবাৰে নিশা লণ্ডনত তেওঁক প্ৰদান কৰা হয় গ্ৰীণ অস্কাৰ গ’ল্ড বঁটা ৷ ইংলেণ্ডৰ ৰাজপৰিয়ালৰ প্ৰিন্সেছ এনে প্ৰদান কৰে এই বঁটা ৷ ‌আৰণ্যকৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে বৰ্তমান লণ্ডনত থকা ড৹ পূৰ্ণিমা দেৱী বৰ্মনে বঁটাটোৰ সন্দৰ্ভত অনুভৱ ব্যক্ত কৰে এনেদৰে, এই বঁটাটোৱে সম্প্ৰদায়ৰ সমৰ্থনত বৃহত্তৰ হাড়গিলা সুৰক্ষিত কৰাৰ তেওঁৰ সংকল্পক আৰু অধিক শক্তিশালী কৰিব ৷

GREEN OSCAR WHITLEY GOLD AWARD 2024 TO DR PURNIMA DEVI BARMAN
লণ্ডনত গ্ৰহণ কৰিলে এই বঁটা (Source : ইটিভি ভাৰত অসম)

তেওঁ কয়, "এই বঁটা মোৰ লগত জড়িত থকা মহিলাসকলৰ বাবে, যি সকলে এতিয়ালৈকে এই যাত্ৰাত মোৰ শক্তিৰ উৎস হৈ আহিছে ৷ আৰণ্যকৰ দলটোৱে তেওঁৰ কৃতিত্বত আনন্দ প্ৰকাশ কৰি আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰে এনেদৰে কয়, "2002 চনৰ পৰা আৰণ্যকৰ সৈতে জড়িত পূৰ্ণিমা দেৱী বৰ্মনৰ কৃতিত্বই আৰণ্যক দলটোক গৌৰৱান্বিত কৰিছে ৷ আমাৰ সকলোকে পৃথিৱীত প্ৰাণী ৰাজ্যৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ প্ৰকৃতিৰ পুষ্টিৰ বাবে আমাৰ নিৰন্তৰ অভিযানত উৎকৃষ্টতা অৰ্জন কৰিবলৈ চেষ্টা কৰিবলৈ উৎসাহিত কৰিছে ৷

GREEN OSCAR WHITLEY GOLD AWARD 2024 TO DR PURNIMA DEVI BARMAN
অসমবাসীৰ গৌৰৱ ড৹ পূৰ্ণিমা দেৱী বৰ্মন (Source : ইটিভি ভাৰত অসম)

উল্লেখ্য যে, বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত ৷ তেওঁ কামৰূপ জিলাৰ দদৰাত হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক লগত লৈ গঠন কৰিছে হাড়গিলা আৰ্মী নামৰ এটা দল ৷

GREEN OSCAR WHITLEY GOLD AWARD 2024 TO DR PURNIMA DEVI BARMAN
দুস্প্ৰাপ্য হাড়গিলা সংৰক্ষণৰ বাবে লাভ কৰিলে এই বঁটা (Source : ইটিভি ভাৰত অসম)

বিপন্নপ্ৰায় হাড়গিলাৰ পদ্ধতিগত সংৰক্ষণৰ বাবে বন্যপ্ৰাণী গৱেষক তথা সংৰক্ষক পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০১৭ চনৰ গ্ৰীণ অস্কাৰ বঁটা আগবঢ়োৱা হৈছিল ৷ ২০২০ চনৰ মে' মাহত বিশ্বৰ প্ৰখ্যাত গ্ৰন্থ প্ৰকাশন সংস্থা হাৰ্পাৰ কলিন্স পাব্লিছাৰ্ছ-ৰ শৈক্ষিক প্ৰকাশন শাখা 'কলিন্স'-এ ড॰ পূৰ্ণিমা দেৱী বৰ্মনৰ কৰ্মৰাজিক পাঠ্যক্ৰমত স্থান দিছে ৷

লগতে চাওক: UN Highest Environmental Honor: ড৹ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে ডঃ পূৰ্ণিমা দেৱী বৰ্মন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.