Life struggle of a woman: এগৰাকী স্বামীহাৰা মহিলাৰ জীৱন সংগ্ৰাম
Updated on: Nov 15, 2022, 3:55 PM IST

Life struggle of a woman: এগৰাকী স্বামীহাৰা মহিলাৰ জীৱন সংগ্ৰাম
Updated on: Nov 15, 2022, 3:55 PM IST
মনত অযুত সপোন লৈ ৪ সন্তানৰ মাতৃয়ে চলাই গৈছে জীৱন সংগ্ৰাম (Goalpara woman life struggle)। চিলাই মেচিন ভাড়াত আনি বেগ প্ৰস্তুত কৰিছে মহিলাগৰাকীয়ে । বেগ বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে পৰিয়াল পোহপাল দিছে মহিলাগৰাকীয়ে ।
গোৱালপাৰা,১৫ নৱেম্বৰ : প্ৰতিগৰাকী মানুহৰে জীৱনত সংগ্ৰাম থাকে । জীৱন সংগ্ৰামৰ যুঁজত সকলোৱে অৱতীৰ্ণ হ'বলগীয়া হয় । কিন্তু একাংশ লোকৰ পৰিশ্ৰম আৰু জীৱন সংগ্ৰামে বিভিন্নজনক আকৰ্ষণ কৰে । এইবাৰ গোৱালপাৰাৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰামে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে (Woman life struggle)।
গোৱালপাৰা চহৰৰ পৰা ৫ কিলোমিটাৰ নিলগত থকা ৰাক্ষসনি গাঁৱৰ এগৰাকী ৪২ বছৰীয়া মহিলাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলে হয়তো আপোনাৰ চকুলো নিগৰিব । মহিলাগৰাকীৰ দুচকুত আছে অলেখ সপোন, বুকুত আছে অদম্য মনোবল । কিন্তু বিগত প্ৰায় ১৫ বছৰ ধৰি এটা ভগা পঁজাত ৪ সন্তানৰ সৈতে দিন কটাইছে মহিলাগৰাকীয়ে ।
এটা চিলাই মেচিনেৰে বেগ প্ৰস্তুত কৰি বজাৰত সেইবোৰ বিক্ৰী কৰি পোৱা ধনেৰে পৰিয়ালটো চলি আছে (Woman deprived of govt aid)। নিজৰ চিলাই মেচিন নাই সেয়ে প্ৰতি মাহে ১০০০ টকা ভাড়া দি চিলাই মেচিনটোৰে কাম কৰিছে মহিলাগৰাকীয়ে । আনহাতে বৰষুণ দিলেই জৰাজীৰ্ণ জুপুৰীটোত থকাৰ পৰিৱেশ নাথাকে । জীৱন সংগ্ৰাম চলাই অহা গোৱালপাৰাৰ মহিলাগৰাকী হৈছে মনোৱাৰা খাতুন ।
২৭ বছৰ পূৰ্বে স্বামীক হেৰুৱাই ৪ গৰাকী সন্তানক লৈ ভাঙি পৰিছিল মনোৱাৰা । কিন্তু তাৰ পাছতো নিৰাশ হোৱা নাই মনোৱাৰা খাতুন । এসাঁজ খাই এসাঁজ লঘোনে থাকি জীৱনৰ সংগ্ৰাম চলাই গৈছে ৪ সন্তানৰ মাতৃ খাতুনে । ৪ সন্তানকলৈ তেওঁৰ অযুত সপোন আছিল যদিও আৰ্থিক দুৰৱস্থাই সেইবোৰত হেঙাৰ হিচাপে থিয় দিছে ।
অৱশ্যে কেতিয়াবা গৰু-ছাগলী পোহপাল কৰি বিক্ৰী কৰিছে, কেতিয়াবা লোকৰ ঘৰে ঘৰে গৈ কাপোৰ বিক্ৰী কৰিছে, কেতিয়াবা আকৌ মুড়ি বনাই দোকানত বিক্ৰী কৰিছে মনোৱাৰা খাতুনে । কঠোৰ পৰিশ্ৰম কৰি ছোৱালী দুজনীক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ মনত হেঁপাহ আছে খাতুনৰ । সেয়ে কিছু সহায়ৰ বাবে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত মহিলাগৰাকীয়ে চৰকাৰক কাতৰ আহ্বান জনাইছে ।
লগতে পঢ়ক :Majuli youth success story : ৰঙালাও খেতিৰে স্বাৱলম্বী মাজুলীৰ মিনম পেগু
