অসম

assam

সন্দেহজনক নগা দুৰ্বৃত্তৰ উপদ্ৰৱ : লুটি নিলে দহটাকৈ ম’হ

By

Published : Nov 8, 2021, 9:53 AM IST

Updated : Nov 8, 2021, 2:26 PM IST

suspicious-naga-miscreant-stole-ten-buffalo-from-sonari

দেওবাৰে নিশা সোণাৰিত সন্দেহজনক নগা দুৰ্বৃত্ত(Naga Miscreant)ৰ উপদ্ৰৱ ৷ নিশাৰ ভাগতে নগা দুৰ্বৃত্তই লুটি নিলে দহটাকৈ ম’হ ৷ কিছুদিন ধৰি জিলাখনত নগা দুৰ্বৃত্তই চলোৱা উপদ্ৰৱৰ বাবে অতিষ্ঠ হৈ পৰিছে জিলাবাসী ৷

মৰাণ, 8 নৱেম্বৰ :চৰাইদেউ জিলাৰ সোণাৰিৰ নগানদী বনগাওঁ অঞ্চলত দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই লুটি নিলে গঞাৰ দহটাকৈ ম’হ ৷ ম’হকেইটা সন্দেহজনক নগা দুৰ্বৃত্ত(Naga Miscreant)ৰ দল এটাই চুৰি কৰা বুলি জানিব পৰা গৈছে ৷ কিয়নো গঞা ৰাইজৰ ভাষ্য অনুসৰি, বিগত কিছুদিনৰ পৰাই চৰাইদেউ জিলাত নগাই অনুৰূপ ঘটনা সংঘটিত কৰি অহাত অতিষ্ঠ হৈ পৰিছে জিলাবাসী ৷

সোমবাৰে পুৱাৰ ভাগত সোণাৰি নিৱাসী লক্ষেশ্বৰ কলিতাই ম’হকেইটা বিচাৰি নাপাই স্থানীয় গাঁওৰক্ষী বাহিনীক অৱগত কৰে ৷ ইয়াৰ পাচতে গাঁওৰক্ষী বাহিনীয়ে সোণাৰি আৰক্ষী(Sonari Police)ক খবৰ দিয়ে যদিও বৰ্তমানলৈকে ম’হকেইটাৰ সন্ধান লাভ কৰিব পৰা নাই ৷ বিগত কিছুদিন পূৰ্বে অঞ্চলটোৰ নিবাসী ক্ৰমে বীৰেণ মুণ্ডা, মাটু মুণ্ডা, সৰু ওৰাং আৰু সাধু ভূমিজৰ বাসগৃহৰ পৰা 15 টাতকৈও অধিক গৰু মাৰণাস্ত্ৰ দেখুৱাই লৈ যায় সন্দেহজনক নগা দুৰ্বৃত্তই ৷

সন্দেহজনক নগা দুৰ্বৃত্তৰ উপদ্ৰৱ

ইফালে কিছুদিন ধৰি জিলাখনৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চল(Abhaypur Reserve Forest)ত গছ-গছনি কাটি সংকুচিত কৰি অসমৰ মাটিত অনাধিকাৰ প্ৰৱেশ কৰি অসমীয়া লোকক মাৰপিট কৰি লুটপাত চলাইছে নগা দুস্কৃতিকাৰীয়ে ৷ জিলাখনৰ সদৰ সোণাৰিৰ সীমামূৰীয়া নগানদী বনগাঁও, গোৱালাপথাৰ, থুকুবিল আদিত যোৱা কিছুদিন ধৰি নগা দুস্কৃতিকাৰীৰ দল এটাই প্ৰৱেশ কৰি ৰাইজৰ পশুধন কাঢ়ি নিয়াৰ লগতে ধন-সম্পত্তিতো লুটপাত চলোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

কিন্তু নগা দুৰ্বৃত্তক বাধা দিয়াত সফল হ’ব পৰা নাই আৰক্ষী-প্ৰশাসন ৷ নগা দুৰ্বৃত্তৰ বাবে সীমান্তৰ গঞাৰ লগতে পশু ধনসমূহক এতিয়া অসুৰক্ষিত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত নগাৰ আগ্ৰাসন, অসমৰ মাটিতেই নগাৰ সন্ত্ৰাস ইত্যাদি বাতৰিয়ে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে চৰাইদেউ জিলাতো নগাই চলাইছে উপদ্ৰৱ ।

এইক্ষেত্ৰত সোণাৰি থানা(Sonari Police Station)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া(OC)ৰ সৈতে গাঁওৰক্ষী বাহিনীৰ জৰিয়তে যোগাযোগ স্থাপন কৰিছে লক্ষেশ্বৰ কলিতাই ৷ সোমবাৰে অভয়পুৰ সংৰক্ষিত বনাঞ্চলত তীব্র অভিযান চলাই সোণাৰি আৰক্ষীয়ে । চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ নেতৃত্বত চৰাইদেউ আৰক্ষী, বনবিভাগ তথা CRPFৰ এটা বৃহৎ দলে তীব্ৰ অভিযান চলাই অসম-নাগালেণ্ড সীমান্তৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত ।

লগতে পঢ়ক :সোণৰ বিস্কুট বিক্ৰী কৰিবলৈ আহি বেপাৰী পৰিল আৰক্ষীৰ জালত

Last Updated :Nov 8, 2021, 2:26 PM IST

ABOUT THE AUTHOR

...view details