সোণৰ বিস্কুট বিক্ৰী কৰিবলৈ আহি বেপাৰী পৰিল আৰক্ষীৰ জালত

author img

By

Published : Nov 7, 2021, 10:40 PM IST

fake-gold-dealer-arrested

নকল সোণসহ চতিয়াত আটক হ’ল দুই প্ৰৱঞ্চক ৷ সোণৰ বিস্কুট বিক্ৰী কৰিবলৈ আহি ফাণ্ডত পৰিল দুই প্ৰৱঞ্চক ৷

চতিয়া, ৭ নবেম্বৰ : আমাৰ সমাজত সোণৰ আছে বিশেষ গুৰুত্ব ৷ সততে সোণ ৰূপৰ গহনাই আকৰ্ষণ কৰি আহিছে আমাৰ সমাজক ৷ আনকি বিপদৰ সময়তো গহনা গাথৰি বন্ধকত থৈ অথবা বিক্ৰী কৰিয়েই বিভিন্ন সময়ত বিভিন্ন বিপদৰ পৰা উদ্ধাৰ হৈছে বহু মানুহ ৷ সোণ-ৰূপৰ গহনাৰ প্ৰতি থকা আমাৰ এই দুৰ্বলতাৰে সুযোগ লৈ সময়ে সময়ে এচাম প্ৰৱঞ্চকে চলাই নিছে বিভিন্ন ধৰণৰ প্ৰবঞ্চনা ৷

সোণৰ বিস্কুটৰ বেপাৰী পৰিল গৈ আৰক্ষীৰ জালত

শেহতীয়াকৈ এইবাৰ নকল সোণসহ চতিয়াত আটক হ’ল দুই প্ৰৱঞ্চক ৷ চতিয়া আৰক্ষীয়ে চতিয়াৰ চৰাইজনীয়াৰ পৰা আটক কৰে প্ৰৱঞ্চক দুটাক ৷ উল্লেখযোগ্য যে, তেজপুৰৰ বৰঘাটৰ ইক্ৰামুল হক আৰু চহৰ আলি নামৰ প্ৰৱঞ্চক দুটাই চতিয়াৰ চৰাইজনীয়া গাঁৱৰ এজন যুৱকক বিক্ৰী কৰিবলৈ আহিছিল দুটা সোণৰ বিস্কুট । কিন্তু, সোণখিনিৰ বিশুদ্ধতাৰ ওপৰত যুৱকজনৰ সন্দেহ হোৱাত তেওঁ চতিয়া আৰক্ষীক বিষয়টো অবগত কৰায় ৷

পৰৱৰ্তী সময়ত ইয়াৰ ভিত্তিতে আৰক্ষীয়ে অতি কৌশলৰে নকল সোণৰ বিস্কুটসহ চৰাইজনীয়াৰ পৰাই আটক কৰে দুই প্ৰৱঞ্চকক ৷ সম্প্ৰতি এই ঘটনাকলৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে সৰৱ চৰ্চা ৷

লগতে পঢ়ক : CBI য়ে গ্ৰেপ্তাৰ কৰিলে হিতেশ্বৰ শইকীয়াৰ পুত্ৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.