অসম

assam

সাপেখাতীত ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ

By

Published : Aug 30, 2021, 11:35 AM IST

Updated : Aug 30, 2021, 1:04 PM IST

unique protest by ajycp at sapekhati

নৱ নিৰ্মিত 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথত অভিনৱ প্ৰতিবাদ অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP) সাপেখাতী আঞ্চলিক সমিতিৰ ৷ ঘাইপথ নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকছনৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠনটোৰ ৷ কিন্তু কি বিষয়ত ক্ষোভ প্ৰকাশ কৰিছে যুৱ ছাত্ৰ পৰিষদে, সম্পূৰ্ণকৈ পঢ়ক...

মৰাণ, 30 আগষ্ট: নৱ নিৰ্মিত 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকছনৰ বিৰুদ্ধে শনিবাৰে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP) সাপেখাতী আঞ্চলিক সমিতিৰ অভিনৱ প্ৰতিবাদ ৷

সাপেখাতীত জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

বিগত সময়ত সাপেখাতী চহৰৰ মাজমজিয়াত উৰণীয়া সেঁতুৰ কাম আৰম্ভ কৰাৰ ফলত দুয়োকাষে পথচাৰীসকলৰ যাতায়াতৰ সুবিধাৰ্থে দুটাকৈ উপপথ নিৰ্মাণ কৰি দিয়া হয় ৷

সাপেখাতীত জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

কিন্তু দুয়োটা পথ বৰ্তমানেও পথচাৰীসকলৰ যাতায়াতৰ বাবে সূচল নোহোৱাত যমৰ যাতনা ভুগিছে পথচাৰীসকলে ৷ উক্ত উপপথ দুটা শীঘ্ৰে যাতায়াতৰ বাৱে সূচল কৰি তোলাৰ দাবীৰে যুৱ ছাত্ৰ পৰিষদৰ লগতে লগতে স্থানীয় ব্যৱসায়ীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

সাপেখাতীত জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

লগতে পঢ়ক:এটুপি বিশুদ্ধ খোৱা পানী য’ত এতিয়াও স্বপ্ন !

প্ৰতিবাদকাৰীসকলে বৰতাল বজোৱাৰ উপৰিও 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে খেৱালি জাল মাৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ গৌতম কনষ্ট্ৰাকছনৰ লগতে জিলা প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ অচিৰেই উপপথ দুটা সূচল নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে যুৱ ছাত্ৰ পৰিষদে ৷

লগতে পঢ়ক:কাম বিচাৰি ৰঙিয়ালৈ গৈ ক’ত হেৰাল দিপ্তী ?

Last Updated :Aug 30, 2021, 1:04 PM IST

ABOUT THE AUTHOR

...view details