কাম বিচাৰি ৰঙিয়ালৈ গৈ ক’ত হেৰাল দিপ্তী ?

author img

By

Published : Aug 29, 2021, 10:43 PM IST

pathsala-women-goes-missing-in-rangia-while-searching-work-for-livelihood

ৰঙিয়ালৈ কাম বিচাৰি গৈ যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ আছে পাঠশালাৰ মহিলা দিপ্তী দাস ৷ উপায়হীন হৈ এতিয়া ৰঙিয়াৰ ৰাজপথত স্বামীয়ে ব্যৱসায়ী, পথচাৰীসকলক নিৰুদ্দিষ্ট পত্নীৰ ফটো দেখুৱাই বিভিন্ন ঠাইত সন্ধান বিচাৰি ফুৰিছে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ । সবিশেষ জানো আহক ৷

ৰঙিয়া, 29 আগষ্ট : পাঠশালাৰ পৰা কাম বিচাৰি ৰঙিয়ালৈ গৈ সন্ধানহীন হৈছে এগৰাকী মহিলা । সন্ধানহীন হোৱা মহিলাগৰাকী হৈছে বজালী জিলাৰ পাঠশালাৰ দিপ্তী দাস (২৭) । ক'ভিড সৃষ্ট পৰিৱেশত আৰ্থিক সংকটত ভুগি যোৱা বুধবাৰে ৰঙিয়ালৈ কাম বিচাৰি গৈছিল মহিলা গৰাকী । কিন্তু, যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ আছে মহিলাগৰাকী ।

কাম বিচাৰি ৰঙিয়ালৈ গৈ ক’ত হেৰাল দিপ্তী ?

উপায়হীন হৈ ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া পৰিয়ালটোৱে পাঠশালা আৰক্ষীৰ কাষ চাপিছে । পিছে, ৰঙিয়াত মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ বাবে এতিয়া পাঠশালা আৰক্ষীয়ে গ্ৰহণ কৰা নাই গোচৰটোৰ এজাহাৰ । অৱশেষত মহিলাগৰাকী সন্ধানহীন হোৱা সন্দৰ্ভত তেওঁৰ স্বামীয়ে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰে । ইফালে, নিজৰ একমাত্ৰ জীয়ৰী আজি তিনিদিনে সন্ধানহীন হৈ থকাত দুখত ভাগি পৰিছে দিপ্তী দাসৰ মাতৃ ।

এই সন্দৰ্ভত আৰক্ষীয়েও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে, ৰঙিয়াৰ ৰাজপথত নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীয়ে ব্যৱসায়ী, পথচাৰীসকলক নিৰুদ্দিষ্ট পত্নীৰ ফটো দেখুৱাই বিভিন্ন ঠাইত বিচাৰি ফুৰিছে ।

ইয়াৰ উপৰি আত্মীয় স্বজন আৰু পৰিচিত লোকৰ ঘৰত সা-খবৰ কৰিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল স্বামী গৰাকী । কোনো দুষ্ট চক্ৰৰ হাতত মহিলা গৰাকী পৰা বুলি সন্দেহ কৰিও চিন্তিত হৈ পৰিছে পৰিয়ালটো । কি পৰিস্থিতিত আৰু কেনেকৈ মহিলাগৰাকী নিখোজ হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । উপায়হীন পৰিয়ালটোৱে শীঘ্ৰে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ এতিয়া আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক : ভয়াৱহ বানৰ কৱলত ৰাজ্য; ২৪ ঘণ্টাত ২ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.