ETV Bharat / state

দেশৰ ভিতৰতে বন ধ্বংসৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িলে অসমে - Deforestation in Assam

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 8:38 AM IST

Assam sets record for deforestation in India
দেশৰ ভিতৰতে বন ধ্বংসৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িলে অসমে

Assam Deforestation : কেতিয়ালৈকে সেউজভূমি হৈ থাকিব অসম ? কিদৰে চলিছে অসমত বন ধ্বংস যজ্ঞ ? বিশ্ব বন নিৰীক্ষণ প্ৰকল্পৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য । দেশৰ ভিতৰতে বন ধ্বংসৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়াৰ কথা তথ্যসহকাৰে উদঙালে প্ৰকল্পটোৱে ।

গুৱাহাটী, ২৮ এপ্ৰিল: অসম বুলিলেই মনলৈ অহা সেউজীয়া ছবিখন নোহোৱা হ'ব নেকি ? প্ৰকৃতিৰ ওপৰত চলি থকা কুঠাৰাঘাট বন্ধ নহ'ব নেকি ? অসমত বনভূমি ৰক্ষা কৰা আৰু অসমতে বৃক্ষ ৰোপণৰ ক্ষেত্ৰত বিশ্ব ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰা হয়, সেইখন অসমতে আকৌ দেশৰ ভিতৰত সৰ্বাধিক বন ধ্বংস যজ্ঞ চলোৱা হয় । বন ধ্বংস যজ্ঞৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । যি তথ্যই চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী তথা সচেতন ৰাইজক ।

বিশ্ব বন নিৰীক্ষণ প্ৰকল্পই তথ্য সহকাৰে উদঙাই দেখুৱালে বৃক্ষ ৰোপণৰে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ চেষ্টা চলোৱা অসমৰ বন ধ্বংস যজ্ঞৰ ক্ষেত্ৰত দেশৰ ভিতৰতে সৃষ্টি হোৱা ৰেকৰ্ড । বিশ্ব বন নিৰীক্ষণ প্ৰকল্পৰ শেহতীয়া তথ্য অনুসৰি ২০০১ চনৰ পৰা ২০২৩ চনলৈকে ভাৰতে ২.৩৩ নিযুত হেক্টৰ বনভূমি ধ্বংস হৈছে । দেশৰ ভিতৰতে অসমত সৰ্বাধিক বন ভূমি ধ্বংস হৈছে ।

Assam sets record for deforestation in India
দেশৰ ভিতৰতে বন ধ্বংসৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িলে অসমে

তথ্য অনুসৰি, ২০০১ চনৰ পৰা ২০২৩ চনলৈকে অসমত সৰ্বাধিক ৩,২৪,০০০ হেক্টৰ ৷ অৰ্থাৎ ৩২৪ কিলোমিটাৰ হেক্টৰ বনভূমি ধ্বংস হৈছে । উল্লেখ্য যে, বিশ্ব বন নিৰীক্ষণ প্ৰকল্পৰ অধ্যয়নত ধ্বংস হোৱা বন ভূমিৰ ভিতৰত আছে শুকান আৰু অ-ক্ৰান্তীয় প্ৰাথমিক অৰণ্য, গৌণ অৰণ্য আৰু গছ-গছনি লগতে আৰ্দ্ৰ প্ৰাথমিক অৰণ্য । ২০১০ চনত অসমত ২.৩৮ নিযুত হেক্টৰ বনাঞ্চল আছিল ।

এই বনাঞ্চল অসমৰ মুঠ ভূমিৰ ৩৩ শতাংশতকৈও অধিক এলেকা ধৰি বিস্তৃত হৈ আছিল । বিশ্ব বন নিৰীক্ষণ প্ৰকল্পই ছেটেলাইট তথ্য আৰু অন্যান্য উৎস ব্যৱহাৰ কৰি পোৱা তথ্য মতে অসমত ২০২৩ চনত ইয়াৰে ১৭.১ কিলোমিটাৰ হেক্টৰ বন ধ্বংস হৈছিল । তথ্য মতে ২০০২ চনৰ পৰা ২০২৩ চনলৈকে, অসমত ৭০.৫ শতাংশ আৰ্দ্ৰ প্ৰাথমিক অৰণ্য ধ্বংস হৈছে ।

Assam sets record for deforestation in India
দেশৰ ভিতৰতে বন ধ্বংসৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িলে অসমে

এই সময়ছোৱাত অসমৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চলৰ মুঠ এলেকা ৮.৯ শতাংশ হ্ৰাস পাইছে । অসমত ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসমত কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত সৰ্বাধিক বন ধ্বংস হৈছে । তথ্যত প্ৰকাশ কৰা অনুসৰি কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ৬২ শতাংশৰ গছ গছনি ধ্বংস হৈছে । কাৰ্বি আংলং জিলাত ১১৯ কিলোমিটাৰ হেক্টৰ আৰু ডিমা হাচাও জিলাত ৮০.৬ শতাংশ বন ধ্বংস ‌হৈছে ।

তথ্য অনুসৰি ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত মিজোৰামত ৩১২ কিলোমিটাৰ হেক্টৰ, অৰুণাচল প্ৰদেশত ২৬২ কিলোমিটাৰ হেক্টৰ, নাগালেণ্ড ২৫৯ কিলোমিটাৰ হেক্টৰ আৰু মণিপুৰ ২৪০ কিলোমিটাৰ হেক্টৰ বন ধ্বংস হৈছে । এই তথ্যই উদঙাইছে প্ৰকৃতিৰ অনন্য আকৰ অসমত চলা প্ৰকৃতি ধ্বংস যজ্ঞৰ প্ৰকৃত ছবি । ইমানতে স্তব্ধ হ'বনে এই ধ্বংসমুখী যাত্ৰা ? নে অবিৰত গতিত চলি থাকিব এই ধ্বংসলীলা ?

লগতে পঢ়ক : চৰকাৰী-ট্ৰাইবেল বেল্টৰ ৩৫ লাখৰো অধিক বিঘা মাটি বেদখলকাৰীৰ কবলত - Land Encroachment In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.