ETV Bharat / state

চৰকাৰী-ট্ৰাইবেল বেল্টৰ ৩৫ লাখৰো অধিক বিঘা মাটি বেদখলকাৰীৰ কবলত - Land Encroachment in Assam

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 9:46 PM IST

গোৱালপাৰা জিলাতে সর্বাধিক ৩.০৯ লাখ বিঘা চৰকাৰী মাটি বেদখলকাৰীৰ কবলত আছে । জিলাখনত বেদখলৰ বিৰুদ্ধে জিলা প্রশাসনে উচ্ছেদ অভিযান চলাই অহাৰ পাচতো বৃহৎ পৰিমাণৰ মাটি বেদখলমুক্ত কৰিব পৰা নাই । সেইদৰে ডিব্ৰুগড়ত ২.৮৪ লাখ বিঘা, তিনিচুকীয়া জিলাত ২.৪২ লাখ বিঘা মাটি বেদখল হৈ আছে ।

Land Encroachment
চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত

গুৱাহাটী, ২৭ এপ্ৰিল: বেদখলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে সময়ে সময়ে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে যদিও এতিয়াও বৃহৎ পৰিমাণৰ ভূমি বেদখলমুক্ত হোৱা নাই । গৰুখুঁটিৰ পৰা আৰম্ভ কৰি বটদ্ৰৱা, বৰপেটা, গোৱালপাৰা আদি অঞ্চলৰ বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান । তথাপি বৃহৎ পৰিমাণৰ ভূমি বেদখলকাৰীৰ কবলত আছে । কেৱল চৰকাৰী ভূমিয়ে নহয়, জনজাতীয় লোকৰ বাবে সংৰক্ষিত ভূমিও বেদখলকাৰীৰ কবলত আছে ।

ৰাজ্য চৰকাৰে জনজাতীয় লোকৰ বসতি প্ৰধান এলেকাৰ মাটিৰ অধিকাৰ যাতে আন লোকৰ দখললৈ যাব নোৱাৰে তাৰ বাবে নতুন নতুন এলেকা ট্রাইবেল বেল্ট ঘোষণা কৰিছে । তথাপি ৰাজ্যৰ ১২খন জিলাত থকা ট্রাইবেল বেল্টৰ মাটি সুৰক্ষিত হৈ থকা নাই । আনহাতে, ৰাজ্যৰ ২৪ খন জিলাৰ বৃহৎ পৰিমাণৰ মাটি বেদখলকাৰীৰ কবলত থকাৰ কথা ৰাজহ বিভাগৰ তথ্যত ফাদিল হৈছে ।

Land Encroachment
চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত

উল্লেখ্য যে ভূমিৰ সঠিক তথ্য উলিয়াবৰ বাবে ৰাজহ বিভাগে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিছে । বিজেপি নেতৃত্বাধীন প্রথমখন চৰকাৰে কাজিৰঙাত বেদখলৰ বিৰুদ্ধে উচ্ছেদ আৰম্ভ কৰিছিল । উচ্ছেদ অভিযান এতিয়াও চলি আছে যদিও চৰকাৰী আৰু ট্ৰাইবেল বেল্টৰ মুঠ ৩৫.৮৬ লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত থকাৰ কথা ৰাজহ বিভাগৰ তথ্যত আছে । ইয়াৰ ভিতৰত চৰকাৰী ভূমিৰ পৰিমাণ ৩০.৬১ লাখ বিঘা আৰু ট্ৰাইবেল বেল্টৰ মাটি ৫.২৫ লাখ বিঘা ।

গোৱালপাৰা জিলাতে সর্বাধিক ৩.০৯ লাখ বিঘা চৰকাৰী মাটি বেদখলকাৰীৰ কবলত আছে । জিলাখনত বেদখলৰ বিৰুদ্ধে জিলা প্রশাসনে উচ্ছেদ অভিযান চলাই অহাৰ পাচতো বৃহৎ পৰিমাণৰ মাটি বেদখলমুক্ত কৰিব পৰা নাই । সেইদৰে ডিব্ৰুগড়ত ২.৮৪ লাখ বিঘা, তিনিচুকীয়া জিলাত ২.৪২ লাখ বিঘা মাটি বেদখল হৈ আছে । জনজাতীয় লোকৰ হাতত থকা মাটিৰ অধিকাৰ যাতে আন অজনজাতীয় লোকৰ হাতলৈ নাযায় তাৰ বাবে ট্রাইবেল বেল্ট গঠন কৰা হৈছিল । কিন্তু বিভিন্ন সুৰুঙাৰে ট্ৰাইবেল বেল্টৰ মাটি অজনজাতীয় লোকৰ হাতলৈ যোৱা, উদ্যোগপতিয়ে দখল কৰাৰ অভিযোগ জনজাতীয় সংগঠনসমূহে উত্থাপন কৰি আহিছে ।

আইনী সুৰক্ষাৰে ট্ৰাইবেল বেল্ট গঠন কৰা হৈছিল যদিও এই বেল্টত থকা মাটি সুৰক্ষিত হৈ যে থকা নাই সেই কথা ৰাজহ বিভাগৰ তথ্যত প্ৰকাশ পাইছে । ১২খন জিলাৰ ভিতৰত শোণিতপুৰত ১১০২ বিঘা, কামৰূপ মহানগৰত ৪০৩৭৬ বিঘা, লখিমপুৰত ৯৮,৬৭৭ বিঘা, হোজাইত ৭৮০৪ বিঘা, দৰঙত ১৫০০ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে ।

ৰাজহ বিভাগৰ তথ্য মতে, ধুবুৰীত ২৯৭৯ বিঘা, কামৰূপত ৫.১২ লাখ বিঘা, ধেমাজিত ৩১,১৫০ বিঘা, মৰিগাঁৱত ৩০,২৪৬ বিঘা, বিশ্বনাথত ১৫০৮ বিঘা, নগাঁৱত ২.০৫ লাখ বিঘা আৰু তিনিচুকীয়াত ৫৩,৩৫২ বিঘা ট্রাইবেল বেল্টৰ মাটিৰ অধিকাৰ আজিৰ তাৰিখত জনজাতীয় লোকৰ হাতত নাই ।

লগতে পঢ়ক:বনাঞ্চলক বেদখলমুক্ত কৰি বনানীকৰণ : অসম চৰকাৰৰ পৰিকল্পনাৰ প্ৰতি সঁহাৰি নাই কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.