এটুপি বিশুদ্ধ খোৱা পানী য’ত এতিয়াও স্বপ্ন !

author img

By

Published : Aug 29, 2021, 10:50 PM IST

drinking-water-issue-in-tingkhong

স্বাধীনতাৰ বহু দশক বাগৰাৰ পিছতো এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰা টিংখাঙৰ এখন গাঁৱত ৰাইজে কেনেকৈ জীৱন-যাপন কৰিছে জানো আহক ৷

টিংখাং, 29 আগষ্ট : এইখন অসমৰে এটা অঞ্চলত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে । যি সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগানৰ নামত বহু অভিলাসী আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত নদীৰ লেতেৰা পানী সেৱন কৰি জীৱন কটাবলগীয়া হৈছে টিংখাঙৰ দুখনকৈ গাঁৱৰ দুৰ্ভগীয়া ৰাইজে ।

এটুপি বিশুদ্ধ খোৱা পানী য’ত এতিয়াও স্বপ্ন

টিংখাঙৰ মাহমৰা বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত ৫ নং মাহমৰা এনচি ব্লক গাঁও আৰু ২৮ নং কাবুলা গাঁৱৰ অৰ্ধ-শতাধিক পৰিয়ালৰ বাবে আজিও সুচল নহ'ল বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা । যাৰ বাবে অঞ্চলটোৰ ৰাইজে দিচাং নদীৰ দূষিত পানী সেৱন কৰি এক অস্বাস্থ্যকৰ জীৱন যাপন কৰিবলগীয়া হৈছে । দুৰ্ভগীয়া বাসিন্দাৰ বাবে পানীৰ একমাত্ৰ উৎস হ'ল দিচাং নদী ।

গাঁৱৰ লোকসকলে গা-ধোৱা , কাপোৰ ধোৱা আদি কামসমূহৰ বাবে দিচাং নৈৰ ওপৰতে নিৰ্ভৰশীল হোৱাৰ উপৰিও সেই নদীৰ পানীকে খোৱা পানী হিচাপেও ব্যৱহাৰ কৰি আহিছে । আনহাতে, নামৰূপ সাৰ কাৰখানাৰ পৰা নিৰ্গত এমনীয়া মিশ্ৰিত বৰ্জিত পদাৰ্থই প্ৰায়েই দিচাং নদীৰ পানী বিষাক্ত কৰি আহিছে আৰু এই বিষাক্ত অপৰিষ্কাৰ পানী সেৱন কৰাৰ ফলত গাওঁ দুখনৰ বাসিন্দাসকল চৰ্মৰোগৰ ওপৰিও বিভিন্ন ৰোগত আক্ৰান্ত হৈ আহিছে ।

অঞ্চলটোত এটা পানী যোগান আঁচনি স্থাপনৰ বাবে স্থানীয় গাঁওবাসীয়ে স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বহুবাৰ আবেদন-নিবেদন কৰিও আজিলৈকে কোনো ধৰণৰ সদুত্তৰ লাভ নকৰিলে । সেয়ে অতি শীঘ্ৰে নৈপৰীয়া অঞ্চলটোত বিশুদ্ধ পানী যোগানৰ ব্যৱস্থা কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ প্ৰতি আহ্বান জনাইছে স্থানীয় বাসিন্দা তথা সচেতন ৰাইজে ।

লগতে পঢ়ক : ভয়াৱহ বানৰ কৱলত ৰাজ্য; ২৪ ঘণ্টাত ২ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.