অসম

assam

বৰাকত বাংলা ভাষাই প্ৰাধান্য পাবই লাগিব বুলি পুনৰ এবাৰ হুংকাৰ প্ৰদীপ দত্ত ৰয়ৰ

By

Published : Oct 19, 2021, 9:46 PM IST

Updated : Oct 20, 2021, 8:50 AM IST

বৰাকত বাংলা ভাষাই প্ৰাধান্য পাবই লাগিব বুলি পুনৰ এবাৰ হুংকাৰ প্ৰদীপ দত্ত ৰয়ৰ

বড়োলেণ্ডত যদি বড়ো ভাষা চলিব পাৰে, তেতিয়া হ’লে বৰাকতো বাংলা ভাষাই প্ৰাধান্য পাব লাগিব ৷ বাংলা ভাষাক লৈ কোনো ধৰণৰ বৈষম্য স্বীকাৰ কৰি লোৱা নহ’ব বুলি পুনৰ একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মূখ্য উপদেষ্টা প্ৰদীপ দত্ত ৰয়ে ৷

কাছাৰ, 19 অক্টোবৰ :বৰাকত অসমীয়া ভাষাক চূড়ান্তভাৱে অপমান কৰাৰ বিৰুদ্ধে ৰাজ্যৰ এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহাৰ বাবে বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ কিন্তু তাৰ পাছতো যেন গা-লৰা নাই বৰাকৰ একাংশ দল সংগঠনৰ ৷ এতিয়াও তেওঁলোক অটল নিজৰ স্থিতিত ৷

তেওঁলোকৰ দাবী, বড়োলেণ্ডত যদি বড়ো ভাষা চলিব পাৰে তেতিয়া হ’লে বৰাকতো বাংলা ভাষাই প্ৰাধান্য পাব লাগিব ৷ বাংলা ভাষাক লৈ কোনো ধৰণৰ বৈষম্য স্বীকাৰ কৰি লোৱা নহ’ব বুলি পুনৰ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুখ্য উপদেষ্টা প্ৰদীপ দত্ত ৰয়ে ৷

বৰাকত বাংলা ভাষাই প্ৰাধান্য পাবই লাগিব বুলি পুনৰ এবাৰ হুংকাৰ প্ৰদীপ দত্ত ৰয়ৰ

উল্লেখযোগ্য যে, বৰাকত অসমীয়া ভাষা ফলকত ক’লা ৰং সানি ভাষাটোক অপমান কৰাৰ পাছতে সমগ্ৰ অসম জুৰি ব্যাপক আন্দোলন আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ সেই ঘটনাৰ সৈতে জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰি বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ উপদেষ্টা প্ৰদীপ দত্ত ৰয়ক মঙলবাৰে কাছাৰ আৰক্ষী অধীক্ষকে মাতি আনি কৰিছিল সোধ-পোছ ৷

সেই সময়তে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত সাংবাদিকৰ আগত পুনৰ এবাৰ হুংকাৰ প্ৰদান কৰি প্ৰদীপ দত্ত ৰয়ে কয় যে, বৰাকত বাংলা ভাষাৰ ব্যৱহাৰ হ’বই লাগিব ৷ এই হুংকাৰৰ পাছতে এতিয়া ৰাজ্যৰ দল সংগঠনে কেনে ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়কঃ পানবাৰী মছজিদৰ পৰিচালনা সমিতিক লৈ দুই সংগঠনৰ মাজত খণ্ড-যুদ্ধ

Last Updated :Oct 20, 2021, 8:50 AM IST

ABOUT THE AUTHOR

...view details