ETV Bharat / state

হেৰুৱাজনক সুৱঁৰি উচুপি উঠিল মেদৰটাৰীবাসী - Ferry sinks in Dhubri

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 2:55 PM IST

Updated : Apr 30, 2024, 5:20 PM IST

Medortari Boat Tragedy
হেৰুৱাজনক সুৱঁৰি উচুপি উঠিল মেদৰটাৰীবাসী

Medortari Boat Tragedy : ধুবুৰী জিলাৰ মেদৰটাৰীত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাটোৱে আজি ভৰি দিলে 12 বছৰত । 44 জনকৈ লোকে প্ৰাণ হেৰুওৱা অভিশপ্ত ঘটনাটোক সুঁৱৰি শোকবিহ্বল হৈ পৰিছে আত্মীয় । চৰকাৰৰ ভূমিকাত ক্ষোভ প্ৰকাশ ভুক্তভোগী পৰিয়ালৰ ৷

হেৰুৱাজনক সুৱঁৰি উচুপি উঠিল মেদৰটাৰীবাসী

গোৱালপাৰা, 30 এপ্ৰিল : আজি 30 এপ্ৰিল । আপোনাৰ মোৰ বাবে সাধাৰণ এটা দিন যদিও আজিৰ দিনটো অভিশপ্ত দিন হিচাপে গণ্য কৰি আহিছে ধুবুৰী জিলাৰ মেদৰটাৰীবাসীসকলে । 30 এপ্ৰিল এই দিনটোৰ কথা সুৱঁৰিলে আজিও উচুপি উঠে মেদৰটাৰীবাসীয়ে । কিয়নো আজিৰ দিনটোতে সংঘটিত হোৱা এক ভয়ংকৰ ফেৰী দুৰ্ঘটনাত আপোনজনক হেৰুৱাইছিল মেদৰটাৰীবাসীয়ে ।

উল্লেখ্য যে, 2012 বৰ্ষৰ আজিৰ দিনটোতে ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ মেদৰটাৰীত সংঘটিত হৈছিল এটা শোকাৱহ ফেৰী দুৰ্ঘটনা । সেই ফেৰী দুৰ্ঘটনাটোত নিমিষতে প্ৰাণ হেৰুৱাইছিল 44 জনকৈ লোকে । যাৰ বাবে 30 এপ্ৰিলৰ দিনটো আহিলেই আজিও বুকু কঁপি উঠে মেদৰটাৰীবাসীৰ । পিতৃ-মাতৃ অথবা পৰিয়ালৰ লোকক হেৰুওৱাৰ বেদনাত আজিও জৰ্জৰিত মেদৰটাৰীবাসী ।

কিন্তু সেই অভিশপ্ত দিনটোৰ কথা যেন মনত নপৰে চৰকাৰৰ । কাৰণ ঠাইডোখৰত আজিও আছে পূৰ্বৰ পৰিৱেশেই । উক্ত ঘটনাৰ পাচত তেতিয়াৰ চৰকাৰে মেদৰটাৰী অঞ্চলৰ ৰাস্তা-ঘাট, স্কুল, চিকিৎসালয় আদি মৌলিক উন্নয়ন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছিল যদিও প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই ৰোৱাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালবোৰে ।

আনকি এ আই ইউ ডি এফ প্ৰধান তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে ভুক্তভোগী পৰিয়াললৈ 18 জন বিধায়কৰ দৰমহা আগবঢ়োৱা হ’ব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছিল যদিও বাস্তৱত সেয়া একোৱেই হৈ নুঠিল বুলি ভুক্তভোগী পৰিয়ালবোৰে জনায় ।

বুকুত একুৰা জুই লৈ আজিও জীয়াই আছে ভুক্তভোগী পৰিয়ালবোৰ ৷ কিন্তু এটা দশক পাৰ হৈ যোৱাৰ পাচতো ৰজাঘৰীয়াই উন্নত বাট-পথৰ কোনো ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালে ৷

লগতে পঢ়ক: ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা মাজুলী অভিমুখী ফেৰী - Majuli Ferry Service

Last Updated :Apr 30, 2024, 5:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.