ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা মাজুলী অভিমুখী ফেৰী - Majuli Ferry Service

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 12:20 PM IST

thumbnail

মাজুলী, 13 এপ্ৰিল : ৰঙালীৰ আনন্দ উলাহৰ মাজতে ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিল নিমাতীৰ পৰা মাজুলী অভিমুখী এখন ফেৰী ৷ জানিব পৰা মতে নিমাতীৰ পৰা মাজুলী অভিমুখে আহি থকা এছ বি চেনিমাই নামৰ ফেৰীখনত নদীৰ মাজতে পানী সোমায় ৷  

ফেৰীত পানী সোমোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে ৷ পুৱা 7.30 বজাত নিমাতীৰ পৰা অফলামুখ অভিমুখে আহি আছিল ফেৰীখন ৷ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ৷ সৌভাগ্যক্ৰমে দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে ফেৰীখন ৷  

আন ফেৰীৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষই যাত্ৰীসকলক উদ্ধাৰ কৰে ৷ বিভাগীয় তথ্য অনুসৰি ফেৰীখনত 80 জন যাত্ৰী, 26 খন মটৰ চাইকেল আৰু চাৰিখন চাৰিচকীয়া বাহন আছিল ৷ ফেৰীখনত অত্যধিক যাত্ৰী কঢ়িয়াই অনাৰ অভিযোগ যাত্ৰীসকলৰ ৷

লগতে পঢ়ক : আধুনিকতাৰ ধামখুমীয়াৰ মাজতো চহা অসমীয়াৰ চোতালত আজি গৰু বিহু - RONGALI BIHU 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.