পানবাৰী মছজিদৰ পৰিচালনা সমিতিক লৈ দুই সংগঠনৰ মাজত খণ্ড-যুদ্ধ

author img

By

Published : Oct 19, 2021, 8:45 PM IST

GMDJP Protest against panbari masjid committee

পানবাৰী মছজিদৰ পৰিচালনা সমিতিক লৈ বিলাসীপাৰাৰ পানবাৰীত উত্তাল প্ৰতিবাদ । সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে সাব্যস্ত কৰে এই প্ৰতিবাদ । প্ৰতিবাদক কেন্দ্ৰ কৰি আমছু সহ স্থানীয় ৰাইজৰ সৈতে প্ৰতিবাদকাৰীৰ মাজত খণ্ড-যুদ্ধ ।

পশ্চিম বিলাসীপাৰা, 18 অক্টোবৰ : অসমৰ প্ৰথমটো ঐতিহাসিক পানবাৰী মছজিদৰ পৰিচালনা সমিতিক লৈ বিলাসীপাৰাৰ পানবাৰীত উত্তাল প্ৰতিবাদ । সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে সাব্যস্ত কৰে এই প্ৰতিবাদ । প্ৰতিবাদক কেন্দ্ৰ কৰি আমছু সহ স্থানীয় ৰাইজৰ সৈতে প্ৰতিবাদকাৰীৰ মাজত খণ্ড-যুদ্ধ ।

জানিব পৰা মতে, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ঐতিহাসিক মছজিদটোৰ পৰিচালনা সমিতি দেশী জনগোষ্ঠীৰ হাতত অৰ্পণ, মছজিদ পৰিচালনা সমিতিৰ ওপৰত CBI তদন্ত আৰু ৰাজহুৱা ধন আত্মসাৎ কৰাৰ বাবে পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকক গ্ৰেপ্তাৰ কৰাৰ তিনিদফীয়া দাবীৰে মছজিদ চৌহদত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদৰ কাৰ্যসূচী চলি থকা সময়তে মছজিদ চৌহদত আমছু সহ স্থানীয় ৰাইজেও সংগঠনটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

পানবাৰী মছজিদৰ পৰিচালনা সমিতিক লৈ দুই সংগঠনৰ মাজত খণ্ড-যুদ্ধ

লগতে পঢ়ক: কি কি সিদ্ধান্ত হ’ল ৰাজ্যিক কেবিনেটত

উল্লেখ্য যে, পানবাৰী মছজিদটো প্ৰকৃততে কেতিয়া নিৰ্মাণ কৰা হৈছিল তাৰ সঠিক তথ্য পোৱা নাযায় । কিন্তু লোক মুখত প্ৰচলিত তথ্য মতে ১৪৯৩ চনৰ পৰা ১৫১৯ চনৰ মাজত বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহে নিৰ্মাণ কৰিছিল মছজিদটো । আৰু আন একাংশৰ মতে মোগলৰ শাসক ঔৰংজেৱৰ সেনাপতি আৰু বংগৰ নবাব মীৰজুমলাই অসম আক্ৰমণ কৰা কালছোৱাত ১৬৬২ চনত এই মছজিদ নিৰ্মাণ কৰা হৈছিল ।

কিন্তু শেহতীয়াকৈ ইতিহাস প্ৰসিদ্ধ মছজিদটোক লৈ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে বিভিন্ন দাবীৰে শান্তিপূৰ্ণ ধৰ্ণা কাৰ্যসূচী পালন কৰি থকাৰ মাজতে তীব্ৰ খণ্ড-যুদ্ধ আৰম্ভ হয় আমছু আৰু স্থানীয় ৰাইজৰ মাজত। পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ এটা দল । অৱশ্যে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ৷

লগতে পঢ়ক: ভাওনাৰ মঞ্চত বিকৃত আচৰণক লৈ কি আহ্বান জনালে শংকৰজ্যোতি বৰুৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.