কি কি সিদ্ধান্ত হ’ল ৰাজ্যিক কেবিনেটত

author img

By

Published : Oct 19, 2021, 6:36 PM IST

Updated : Oct 19, 2021, 7:47 PM IST

decisions-made-in-assam-state-governments-cabinet-meeting

মঙলবাৰে কইনাধৰাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট । এই কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সবিশেষ জানো আহক ৷

গুৱাহাটী, ১৯ অক্টোবৰ : মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে কইনাধৰাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট । এই কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত জনতা ভৱনত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে মন্ত্রী কেশৱ মহন্তই । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ ১৩,১২০ খন প্ৰাথমিক বিদ্যালয় আৰু ৪৮,২৩১ টা অংগনবাড়ী কেন্দ্ৰত বিদ্যুৎ সংযোগ প্ৰদান কৰা হ'ব ।

ইয়াৰ বাবে ১৬১ কোটি টকাৰ অনুমোদন দিয়া হৈছে । ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলত ৪ লাখ ৮০ হাজাৰ ২৯৫ টা ঘৰত বিজুলী সংযোগ দিবলৈ বাকী আছে আৰু ইয়াৰ বাবে ১৭১৮ কোটি টকাৰ অনুমোদন জনাইছে কেবিনেটে । চহৰাঞ্চলত ৬,২০,১০০ টা স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হ'ব ৷ ইয়াত প্ৰিপেইড আৰু প'ষ্টপ্ৰেইডৰ ব্যৱস্থা থাকিব ।

কি কি সিদ্ধান্ত হ’ল ৰাজ্যিক কেবিনেটত

কেবিনেট বৈঠকত ৯০০০ টা নতুন ট্ৰেন্সফৰ্মাৰ ক্ৰয় আৰু ৪২০০ টা পুৰণি ট্ৰেন্সফৰ্মাৰ মেৰামতিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইদৰে ৭০ টা ছাব-ষ্টেচন নিৰ্মাণৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হয় । আনহাতে, ৰাজ্যৰ আৰক্ষী থানা সমূহত মেৰামতি আৰু পুনঃনিৰ্মাণৰ বাবে কেবিনেটে ১২০ কোটি টকা অনুমোদন জনায় ।

ইয়াৰ লগতে ৫০ তকৈ কম ৰেচন কাৰ্ডৰ গৰাকী থকা সুলভ মূল্যৰ দোকানসমূহ বন্ধ কৰাৰ পূৰ্বৰ সিদ্ধান্তত কিছু সংশোধন কৰা হৈছে । এইক্ষেত্রত বিধবা মহিলা আৰু বিশেষ ভাৱে সক্ষম লোকসকলক ৰেহাই দিয়া হৈছে । তেওঁলোকৰ সুলভ মূল্যৰ দোকান বন্ধ কৰা নহয় । আজিৰ কেবিনেটে সদৌ অসম মইনা পাৰিজাতৰ মুখ্য কাৰ্যালয়ৰ বাবে বেলতলা মৌজাৰ সৰুসজাই গাঁৱত ডেৰ বিঘা মাটি আৱণ্টন দিয়ে ।

এই কেবিনেটৰ সিদ্ধান্ত অনুসৰি ধেমাজি জিলাৰ ৮৯খন ৰাজহ গাঁও সামৰি চিচি টেঙানী ট্ৰাইবেল বেল্ট গঠন কৰা হৈছে । সেইদৰে কেবিনেটে নতুনকৈ গঠন কৰা খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সঞ্চালকালয় আৰু ইয়াৰ উপ-সমন্বয় কাৰ্যালয় গঠনত অনুমোদন জনায় । কেবিনেটে মজুৰি ক'ড অসম নীতি-২০২১ ৰ অধিসূচনাৰ খচৰা প্ৰস্তুতত অনুমোদন জনায় ।

লগতে পঢ়ক : ৰাজ্যত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিত জটিলতা !

Last Updated :Oct 19, 2021, 7:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.