ETV Bharat / state

ৰাজপথত অভাৰলোড গাড়ী নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাৰ ফলত মৃত্যু শ্ৰমিকৰ - Road Accident In morigaon

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 2:42 PM IST

one labor dies in Morigaon road accident
শ্ৰমিকৰ মৃত্যু

Morigaon road accident : মৰিগাঁও মিকিৰভেটাত ইটা কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ শ্ৰমিকৰ কৰুণ মৃত্যু । আহত তিনি । সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ ।

স্থানীয় ৰাইজৰ ভাষ্য

মৰিগাঁও, 30 এপ্ৰিল : মৰিগাঁৱত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ মৃত্যু ঘটিছে এজন শ্ৰমিকৰ ৷ জোখতকৈ অধিক মাত্ৰাত ইটা কঢ়িয়াই অনা এখন বাহন দুৰ্ঘটনাত পতিত হয় ৷ অধিক ইটা কঢ়িয়াই অনাৰ বাবে চালকে বাহনখন নিয়ন্ত্ৰণ কৰিব নোৱাৰি প্ৰথমাৱস্থাত তিনিজন লোকক আহত কৰে ৷

স্থানীয় ৰাইজৰ তৎপৰতাত আহত দুজন লোকক ইটাৰ মাজৰ পৰা টানি উলিয়াবলৈ সক্ষম হয় যদিও এজন লোক বেয়াকৈ গাড়ীৰ তলত সোমাই পৰে ৷ তেওঁক বচাবলৈ চালকে জেচিবিখন লৈ আনে যদিও ইটাভাটাৰ মেনেজাৰে জেচিবিখন ঘূৰাই লৈ গুচি যায় ৷ উদ্ধাৰ কৰা আন দুয়োজন লোকক চিকিৎসালয়লৈ পঠিওৱা হয় ৷

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি কেৱল মেনেজাৰৰ বাবেই গাড়ীখনৰ তলত পৰি যোৱা মানুহজনৰ মৃত্যু ঘটে ৷ জেচিবিখন আনি গাড়ীখন উঠাব পৰা হ’লেই মানুহজন বাচি গ’লহেতেন বুলি মন্তব্য কৰে তেওঁলোকে ৷ ঘটনাৰ পিচত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে । আনহাতে চিকিৎসালয়ত ভৰ্তি হৈ থকা দুজনৰ মাজত এজনৰ অৱস্থা কিছু সংকটজনক বুলি জানিব পৰা গৈছে ৷ বাহনখনত অভাৰলোড কৰি ইটা অনাৰ বাবেই বাহনখন দুৰ্ঘটনাত পতিত হয় ।

মৰিগাঁও জিলাত ক্ৰমাৎ কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ ইটাভাটা । যাৰ বাবে সঘনে সংঘটিত হৈ আহিছে এনে দুৰ্ঘটনা । মঙলবাৰে মৰিগাঁও মিকিৰভেটা গাঁৱত সোণাই নৈ পাৰত থকা এটা ইটাভাটাৰ মেনেজাৰৰ মইমতালিৰ বাবে মৃত্যুক সাৱটি ল’লে এইজন শ্ৰমিকে । ৰাইজৰ অভিযোগ অনুসৰি টাটা DI বাহনত 1000 ইটাৰ ঠাইত 1500 ইটা কঢ়িয়াই আনিছিল বাহনখনে । বাহনখনত আছিল চাৰিজন লোক ।

ভাটাৰ পৰা ইটা কঢ়িয়াই কিছু দূৰ যোৱাৰ পাচতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে বাহনখন । ফলত ইজাজুল হক নামৰ লোকজন সোমাই পৰে গাড়ীৰ তলত । ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ যদিও ইতিমধ্যে মৃত্যু হয় ইজাজুলৰ ।

লগতে পঢ়ক : কাকপথাৰত ভয়ানক পথ দুৰ্ঘটনা: থিতাতে নিহত দুই - Road Accident In Kakopathar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.