অসম

assam

LTT militant arrested: কাছাৰত অস্ত্ৰসহ LTT কেডাৰ গ্ৰেপ্তাৰ

By

Published : Dec 9, 2022, 12:11 PM IST

LTT militant arrested

কাছাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে লিবাৰেছন টাইগাৰ্ছ অফ ট্ৰাইবেল সংক্ষেপে LTT ৰ এজন দুৰ্ধৰ্ষ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে (LTT militant arrested) ৷ ধৃত উগ্ৰপন্থী কেডাৰজনৰ নাম ছেমিংথং এলেক্স গেংটে বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷

কৰিমগঞ্জ, 9 ডিচেম্বৰ:গোপন তথ্যৰ ভিত্তিত অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে লিবাৰেছন টাইগাৰ্ছ অফ ট্ৰাইবেল সংক্ষেপে LTT ৰ এজন দুৰ্ধৰ্ষ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে (LTT militant arrested) ৷ মণিপুৰৰ উগ্ৰপন্থী সংগঠন LTT ৰ কেডাৰ জনৰ পৰা এটা 9MM পিস্তল আৰু দুটা সক্ৰিয় গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

ধৃত উগ্ৰপন্থী কেডাৰজনৰ নাম ছেমিংথং এলেক্স গেংটে বুলি সদৰী কৰিছে আৰক্ষীয়ে (LTT cadre arrested in in cachar) ৷ জয়পুৰ থানাৰ অধীনৰ হৰিনগৰ বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় উগ্ৰপন্থী কেডাৰজনক ৷ ধৃত উগ্ৰপন্থী সদস্যজনৰ ঘৰ ডিমা হাচাও জিলাৰ জিনামঘাটত ৷

কাছাৰত অস্ত্ৰসহ LTT কেডাৰ গ্ৰেপ্তাৰ

উগ্ৰপন্থী কেডাৰজন ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ লগতে মণিপুৰ-কাছাৰ সীমান্তৱৰ্তী এলেকাত ধন দাবী কৰা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ৷ উগ্ৰপন্থী কেডাৰজনৰ কাছাৰত প্ৰৱেশৰ উদ্দেশ্য আৰু অন্যান্য তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলিও সদৰী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

লগতে পঢ়ক:Thieves terror in Nagaon : ফুট-গধূলিতে নগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস

ABOUT THE AUTHOR

...view details