অসম

assam

বঙাইগাঁৱত 25 গৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা

By

Published : Sep 6, 2021, 2:05 PM IST

teachers day celebration at abhayapuri
বঙাইগাঁৱত 25 গৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা ()

শিক্ষক দিৱস উদযাপনৰ অংশ হিচাপে বঙাইগাঁৱত 25 গৰাকী কৃতি শিক্ষকলৈ সম্বৰ্ধনা ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ, পাতিলাদহা, বঙাইগাওঁ সদৰ আৰু টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত বঙাইগাঁও জিলাৰ মাণিকপুৰ, পাতিলাদহা, বঙাইগাওঁ সদৰ আৰু টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত শিক্ষক দিৱসৰ আয়োজন ৷ অভয়াপুৰীৰ ৰাজীৱ ভৱনত আয়োজিত অনুষ্ঠানত শিক্ষকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

অভয়াপুৰী , 6 ছেপ্তেম্বৰ :শিক্ষক দিৱস উপলক্ষে বঙাইগাঁও জিলাত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল 25 গৰাকীকৈ কৃতি শিক্ষকক ৷ স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তথা চিন্তানায়ক, শিক্ষাবিদ ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পবিত্ৰ জন্মদিন উপলক্ষে সন্মান প্ৰদৰ্শন কৰি বঙাইগাঁও জিলাৰ মাণিকপুৰ, পাতিলাদহা, বঙাইগাওঁ সদৰ আৰু টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত দেওবাৰে শিক্ষক দিৱসৰ আয়োজন কৰা হয় ৷

ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি

অভয়াপুৰীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এই অনুষ্ঠানত ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ২৫ গৰাকীকৈ কৃতী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিগৰাকী কৃতি শিক্ষকে শিক্ষকতাক কেৱল এক বৃত্তি হিচাপে গ্ৰহণ নকৰি ছাত্ৰ-ছাত্ৰীৰ সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা পোষকতা কৰে ৷

শিক্ষকসকলে কয় যে, প্ৰতিগৰাকী শিক্ষকে যদিহে শিক্ষকতাক কেৱল এক বৃত্তি হিচাপে গ্ৰহণ নকৰি ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মবিশ্বাস গঢ় দি তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশৰ অৰ্থে কাম কৰে , তেন্তে কেৱল ছাত্ৰ-ছাত্ৰীৰে নহয় দেশৰো ভৱিষ্যৎ উজ্জ্বল হ'ব ৷

অভয়াপুৰীৰ ৰাজীৱ ভৱনত আয়োজিত অনুষ্ঠানত শিক্ষকসকলক সম্বৰ্ধনা জ্ঞাপন

দেওবাৰৰ এই অনুষ্ঠানত টাপাট্টাৰী ব্লক কংগ্ৰেছ‌ কমিটীৰ সভাপতি কেৰামত আলী, বঙাইগাঁও জিলা কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি আবুল কাশেম, বঙাইগাঁও জিলা এনএছইউআইৰ প্ৰাক্তন সভাপতি ছফিকুল ইছলাম, বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি মকিবুল ইছলামৰ লগতে দলীয় ভিন্ন পৰ্যায়ৰ কৰ্মীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :ঘৰে ঘৰে গৈ শিক্ষকক সম্বৰ্ধনা বৰক্ষেত্ৰী আছু আৰু AJYCP ৰ

ABOUT THE AUTHOR

...view details