অসম

assam

পৰিৱেশ সংৰক্ষণৰ দাবীত সৰৱ সেউজ মাণিকপুৰ

By

Published : Sep 24, 2022, 5:08 PM IST

manikpur

ভৈৰৱচূড়া পাহাৰত ৬০০ সোণালী বান্দৰ আছে । সেয়ে সেউজ মাণিকপুৰৰ সভাপতি মহীধৰ ৰায়ে কয় যে ভৈৰৱচূড়া পাহাৰৰ ওপৰেদি কোনো কাৰণতেই উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ পাৰ কৰি নিব নোৱাৰে (historical Bhoiravchura hill) । এই সোণালী বান্দৰ আমি শেষ হ'ব দিব নোৱাৰোঁ (habitant of golden monkey Bhoiravchura hill) বুলিও সংবাদমেলত উল্লেখ কৰে ।

বঙাইগাঁও, ২৪ ছেপ্টেম্বৰ : বঙাইগাঁও, কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাৰ মাজেৰে পাৰ কৰি নিব খোজা 400KB ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰৰ তীব্ৰ বিৰোধিতা কৰি শুকুৰবাৰে সেউজ মাণিকপুৰ নামৰ প্ৰাকৃতিক সংগঠনটোৱে এক সংবাদমেলৰ আয়োজন কৰে (Seuj Manikpur demands environment conservation) ।

সংবাদমেলত সেউজ মাণিকপুৰৰ সভাপতি মহীধৰ ৰায়ে কয় যে ভৈৰৱচূড়া পাহাৰৰ ওপৰেদি কোনো কাৰণতেই এনে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ পাৰ কৰি নিব নোৱাৰে (historical Bhoiravchura hill) । ভৈৰৱচূড়া পাহাৰত ৬০০ সোণালী বান্দৰ আছে আৰু এই সোণালী বান্দৰ আমি শেষ হ'ব দিব নোৱাৰোঁ (habitant of golden monkey Bhoiravchura hill) ।

আনহাতে, বঙাইগাঁও, কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাৰ বনাঞ্চল আৰু পাহাৰৰ ওপৰেদি উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ যাতে পাৰ কৰিব নোৱাৰে তাৰ বাবে সমগ্ৰ ৰাইজক ওলাই আহিবলৈ আহ্বান জনায় । লগতে চৰকাৰ আৰু কোম্পানীৰ এনে প্ৰাকৃতিক সম্পদ ধ্বংস, গছ-গছনি, বনাঞ্চল ধ্বংস কৰা কাৰ্যৰ বিৰোধিতা কৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য, বনাঞ্চল ধ্বংসৰ বিৰোধিতা কৰি ইতিমধ্যে সেউজ মাণিকপুৰে বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । এই ক্ষেত্ৰত জিলা প্ৰশাসনে আলোচনাৰ বাবে এফালে সংগঠনটোক মাতিছে যদিও আনফালেদি সংগঠনটোৰ প্ৰতিবাদক গুৰুত্বহীন কৰি কাম কৰি যোৱাৰ সেউজ সংকেত দিয়াৰ অভিযোগ তুলিছে সেউজ মাণিকপুৰে (environmental organisation Seuj Manikpur PC) ।

লগতে পঢ়ক :আনন্দৰাম ঢেকিয়াল ফুকন বঁটা গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য য়েছে দৰজে ঠংচিৰ

ABOUT THE AUTHOR

...view details