আনন্দৰাম ঢেকিয়াল ফুকন বঁটা গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য য়েছে দৰজে ঠংচিৰ

author img

By

Published : Sep 24, 2022, 3:39 PM IST

Updated : Sep 24, 2022, 5:11 PM IST

আনন্দৰাম ঢেকিয়াল ফুকন বঁটা গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য য়েছে দৰজে ঠংচিৰ

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান (Anandaram Dhekial Phukan Award)। বিশিষ্ট সাহিত্যিকগৰাকীৰ মতে সাহিত্যৰ মৃত্যু হ'লে পাহাৰ পৰ্বতো নাথাকিব । ডিজিটেল মাধ্যমত সাহিত্য চৰ্চা বাঢ়িছে । সাহিত্য একাডেমী বঁটা লাভ কৰি অৰুণাচললৈ গৈ কিয় চকুপানী ওলাইছিল সাহিত্যিকগৰাকীৰ ?

নগাঁও,২৪ ছেপ্টম্বৰ : বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ (Eminent litterateur Yeshe Dorjee Thongchi) আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা । শনিবাৰে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত বিশিষ্ট সাহিত্যিকগৰাকীক বঁটা (Anandaram Dhekial Phukan Award) প্ৰদান কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । শনিবাৰে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনন্দৰাম ঢেকিয়াল ফুকন বঁটা গ্ৰহণ কৰি গৌৰৱ অনুভৱ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ।

বঁটা গ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত সাহিত্যিক য়েছে দৰজে ঠংচিয়ে কয় যে অসমত সাহিত্য চৰ্চা বৃদ্ধি হৈছে । অৰুণাচলতো সাহিত্য চৰ্চাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে । ডিজিটেল মাধ্যমৰ বাবে সাহিত্য চৰ্চাত কোনো বাধা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে । ঠংচিয়ে উল্লেখ কৰা মতে ডিজিটেল মাধ্যমতো সাহিত্যৰ সৃষ্টি আৰম্ভ হ'বলৈ ধৰিছে ।

আনন্দৰাম ঢেকিয়াল ফুকন বঁটা গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য য়েছে দৰজে ঠংচিৰ

সাহিত্যৰ মৃত্যু হ'লে পাহাৰ পৰ্বতো নাথাকিব বুলি বিশিষ্ট সাহিত্যিকগৰাকীয়ে মন্তব্য কৰে । চৰকাৰী বিদ্যালয়ৰ মাধ্যম বিতৰ্ক সন্দৰ্ভত সাহিত্যিকগৰাকীয়ে কয় যে চৰকাৰে ৰাইজৰ বিৰুদ্ধে কোনো সিদ্ধান্তই গ্ৰহণ নকৰে (Govt School medium controversy)। অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি প্ৰসংগত য়েছে দৰজে ঠংচিয়ে কয় যে তেওঁ সাহিত্য সভাৰ সভাপতি হোৱাটো ৰাইজ আৰু সংবাদ মাধ্যমে বিচাৰিছে ।

আনন্দৰাম ঢেকিয়াল ফুকন বঁটা গ্ৰহণ কৰি দিয়া ভাষণত য়েছে দৰজে ঠংচিয়ে অসম সাহিত্য একাডেমী বঁটা লাভ কৰাৰ সময়ত কিয় চকুপানী ওলাইছিল তাৰো ব্যাখ্যা আগবঢ়ালে (Yeshe Dorjee Thongchi awarded)। ২০০৫ চনতে অসম সাহিত্য একাডেমী বঁটা লাভ কৰাৰ সময়ত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱাৰ বিষয়ে অৰুণাচল প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰীক অৱগত কৰাৰ সময়ত অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিমান টকা খৰচ কৰি বঁটা লাভ কৰা বুলি প্ৰশ্ন কৰাৰ কথা ভাষণত উল্লেখ কৰে য়েছে দৰজে ঠংচিয়ে । যাৰ বাবে তেওঁ চকুপানী ওলাইছিল ।

অসমীয়া সাহিত্যত অনবদ্য অৱদান আগবঢ়োৱা সাহিত্যিক য়েছে দৰজে ঠংচিক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰাৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই কয় যে শিক্ষা বিভাগতো পুনৰ আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া । শনিবাৰে আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ সিংহ, মহাবিদ্যালয়ৰ অধ্যাপক আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে ।

লগতে পঢ়ক :বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

Last Updated :Sep 24, 2022, 5:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.