অসম

assam

বঙাইগাঁও আৰক্ষীৰ জালত ছাইবাৰ অপৰাধীৰ বৃহৎ চক্ৰ

By

Published : Sep 14, 2022, 12:17 PM IST

Cyber Crime in Bongaigaon

বঙাইগাঁও জিলাৰ আৰক্ষীৰ বৃহৎ সফলতা । ছাইবাৰ ক্ৰাইমৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ (Cyber Crime in Bongaigaon)৷

বঙাইগাঁও,14 ছেপ্টেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহভাৱে বৃদ্ধি পাইছে চাইবাৰ অপৰাধজনিত ঘটনা(Cyber Crime in Assam)৷ যিয়ে শংকিত কৰি তুলিছে সৰ্বসাধাৰণক ৷ অসম আৰক্ষীয়ে চাইবাৰ অপৰাধ হ্ৰাস কৰাৰ বাবে সময়ে সময়ে পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও অপৰাধ হ্ৰাস হোৱাৰ বিপৰীতে বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে ৷ এইবাৰ বঙাইগাঁও আৰক্ষীৰ জালত পৰিল ছাইবাৰ ক্ৰাইমৰ এক বৃহৎ চক্ৰ (Cyber Crime in Bongaigaon)৷

বঙাইগাঁৱৰ উপ-আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বৃহৎ চাইবাৰ চক্ৰৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বঙাইগাঁও আৰক্ষী । প্ৰাপ্ত তথ্য অনুযায়ী ধৃত তিনিজন হ'ল আশ্ৰাফুল ইছলাম, বিল্লাল হুছেইন আৰু উদমাৰীমণিৰ আলী ৷ ইয়াৰে এজন বঙাইগাঁও জিলাৰ আন দুজন বৰপেটা জিলাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

ছাইবাৰ ক্ৰাইমৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ

ধৃতকেইজনৰ পৰা ফেডাৰেল, এক্সিচ, আই ডি এফ চিকে ধৰি কেইবাটাও বেংকৰ ২৫ খন এটিএম কাৰ্ড, ১৮ খন ছিমকাৰ্ড, ৪ টা ম'বাইল, নগদ ৭৯৩০ টকা আৰু এখন মটৰ চাইকেল জব্দ কৰে(Police seized ATM card) । উপ-আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে এই এটিএম কাৰ্ডৰ নম্বৰসমূহ পশ্চিম বংগৰ বৰ্ধমান নামৰ ঠাইত থকা এটা গ্ৰুপক যোগান ধৰা হয় আৰু সেই গ্ৰুপটোয়ে আন এটা গ্ৰুপক এটিএম কাৰ্ডৰ নম্বৰ যোগান ধৰে ।

বহিঃৰাজ্যৰ সেই গ্ৰুপটোয়ে এটিএম নম্বৰসমূহৰ যোগেদি বহুতৰে একাউন্টৰ পৰা টকা উঠাই লোৱাৰ প্ৰমাণ আৰক্ষীয়ে লাভ কৰিছে । শেহতীয়াভাৱে আৰক্ষীৰ তদন্তত পশ্চিমবংগৰ বৰ্ধমানৰ দুজনৰ নাম পোহৰলৈ আহিছে ৷ ধৃত দুজনৰ নাম নুৰু আৰু ছাবু । ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে বঙাইগাঁও আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তত কি তথ্য পোহৰলৈ আহে সেয়া এক গুৰুত্বপূৰ্ণ বিষয় ।

অৱশ্যে বৰ্ধিত অপৰাধজনিত ঘটনাই ৰাজ্যবাসীক নিৰাপত্তাহীনতাত ভোগাইছে (Crime has led to insecurity in the state) ৷

লগতে পঢ়ক:চাকৰিৰ দালালি কৰি গ্ৰেপ্তাৰ হ’ল কুঁহিৰাম ডেকা

ABOUT THE AUTHOR

...view details