অসম

assam

অসমক লৈ মিছন আছে : সৰ্বানন্দ সোণোৱাল

By

Published : Sep 12, 2021, 11:43 AM IST

Union Minister Sarbananda Sonowal at Nastra Krishna Guru Seva Ashram
নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত সৰ্বানন্দ সোণোৱাল ৷ সকলোৰে মংগল কামনাৰে গুৰুৰ আশীষ ল’লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

বৰপেটা, ১২ ছেপ্তেম্বৰ :আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰস্থল কৃষ্ণগুৰু সেৱাশ্ৰমত শনিবাৰে নিশা উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সেৱাশ্ৰমৰ মুখ্য প্ৰৱেশদ্বাৰৰে আহি মূল কীৰ্তন ঘৰত সোমাই গুৰুৰ আশীষ গ্ৰহণ কৰাৰ পাছত সুবৰ্ণ কুড়ত পদব্ৰজে প্ৰৱেশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইয়াতে কিছু সময় নাম জপ কৰি গুৰুগৃহত প্ৰৱেশ কৰে মন্ত্ৰীগৰাকীয়ে ।

সকলোৰে মংগলৰ বাবে গুৰু সেৱা কৰিবলৈ আশ্ৰমত উপস্থিত সৰ্বানন্দ সোণোৱাল

সোণোৱালে গুৰুগৃহত সেৱাশ্ৰমৰ আধ্যত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ লগতে সেৱাশ্ৰমৰ ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীক সাক্ষাৎ কৰি বিশেষ আলোচনাত মিলিত হয় । উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত শনিবাৰে নিশা প্ৰথমবাৰৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ইপিনে সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে সকলোৰে মংগলৰ বাবে গুৰু সেৱা কৰিবলৈ আশ্ৰমত উপস্থিত হোৱা বুলি মত ব্যক্ত কৰে ৷

সোণোৱালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা অনুৰোধমৰ্মে, গুৱাহাটীৰ আয়ুৰ্বেদিক মহাবিদ্যালয়ক আধুনিক ৰূপ দিয়াৰ বাবে নতুন পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰীৰ হাতত এই সন্দৰ্ভত পত্ৰ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে । একেদৰে অসমক লৈ আৰু বহুকেইখন আঁচনি থকা বুলিও জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আনহাতে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলোকে শুভেচ্ছা জনায় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিবলৈ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় হৃষিকেশ গোস্বামী, মমিনুল আৱাল আৰু শান্তনু ভড়ালীৰ লগতে নলবাৰী জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ ।

লগতে পঢ়ক :আয়ুর্বেদিক মহাবিদ্যালয়ৰ কেন্দ্ৰীয় অনুদান ৯ কোটিৰ পৰা ৭০ কোটি টকালৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details