আয়ুর্বেদিক মহাবিদ্যালয়ৰ কেন্দ্ৰীয় অনুদান ৯ কোটিৰ পৰা ৭০ কোটি টকালৈ বৃদ্ধি

author img

By

Published : Sep 11, 2021, 10:42 PM IST

National Ayush Mission

আয়ুর্বেদিক মহাবিদ্যালয় খােলাৰ বাবে কেন্দ্ৰীয় আর্থিক অনুদান পূর্বৰ ৯ কোটিৰ পৰা ৭০ কোটি টকালৈ বৃদ্ধি কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই কথা ঘোষণা কৰিলে আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

গুৱাহাটী, ১১ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্রান্তত কেইবাখনো আয়ুর্বেদিক মহাবিদ্যালয় খােলাৰ বাবে আর্থিক অনুদান পূর্বৰ ৯ কোটিৰ পৰা ৭০ কোটি টকালৈ বৃদ্ধি কৰিব । এই কথা সদৰী কৰে আয়ুষ তথা বন্দৰ জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােনােৱালে ।

National Ayush Mission
আয়ুর্বেদিক মহাবিদ্যালয়ৰ কেন্দ্ৰীয় অনুদান ৯ কোটিৰ পৰা ৭০ কোটি টকালৈ বৃদ্ধি

শনিবাৰে গুৱাহাটীৰ অসম আয়ুর্বেদিক মহাবিদ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত কেন্দ্ৰীয় মন্ত্রী সোণোৱালে কয়, সম্প্রতি উত্তৰ-পূর্বাঞ্চলত মাথাে কেইখনমানহে আয়ুর্বেদিক মহাবিদ্যালয় আছে আৰু ভাৰতীয় পৰম্পৰাগত ঔষধি পদ্ধতিটোক পৰ্যাপ্ত সংখ্যক গুণগত পেছাদাৰী চিকিৎসক সৃষ্টিৰ জৰিয়তেহে জনপ্রিয় কৰি তুলিব পৰা যায় । ইয়াৰ বাবেই উত্তৰ পূর্বাঞ্চলত যথেষ্ট সংখ্যক আয়ুষ শিক্ষন মহাবিদ্যালয় স্থাপন কৰাৰ প্রয়ােজন আছে ।

National Ayush Mission
আয়ুর্বেদিক মহাবিদ্যালয়ৰ কেন্দ্ৰীয় অনুদান ৯ কোটিৰ পৰা ৭০ কোটি টকালৈ বৃদ্ধি

লগতে পঢ়ক: APSC ৰ পৰীক্ষাৰ বাবে সম্পূৰ্ণৰূপে সাজু কাৰ্বি আংলঙত সাতটা পৰীক্ষা কেন্দ্ৰ

ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ অংশ হিচাপে কেন্দ্রৰ পৰা নতুন আয়ুষ মহাবিদ্যালয় খােলাৰ বাবে ৰাজ্য চৰকাৰ সমূহক ৯ কোটি টকা আগবঢ়োৱা হৈছিল যদিও সম্প্রতি কেন্দ্রীয় চৰকাৰে এই ধনৰাশিৰ পৰিমান ৭০ কোটি টকালৈ বৃদ্ধি কৰিছে । ৰাজ্য চৰকাৰ সমূহে ইয়াৰ বাবে প্রয়ােজনীয় ভূমি অধিগ্রহন কৰাৰ লগতে প্রয়ােজনীয় মানৱ সম্পদ লােৱাৰ লগতে ৰাষ্ট্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ নীতি নিয়ম মানি এই সুবিধা গ্রহণ কৰিব পাৰে ।

National Ayush Mission
আয়ুর্বেদিক মহাবিদ্যালয়ৰ কেন্দ্ৰীয় অনুদান ৯ কোটিৰ পৰা ৭০ কোটি টকালৈ বৃদ্ধি

তেওঁ লগতে কয় যে, আয়ুষ মন্ত্রালয়ে গুৱাহাটীৰ জালুকবাৰীত থকা চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়খনক এক উন্নত পৰ্য্যায়ৰ আয়ুর্বেদিক শিক্ষা কেন্দ্ৰলৈ ত্বৰান্বিত কৰাৰ বাবে ১০ কোটি টকাৰ আর্থিক অনুদান আগবঢ়াইছে । মন্ত্রালয়ে প্রাকঃস্নাতক শিক্ষন মহাবিদ্যালয়লৈ উন্নীত কৰাৰ বাবে কোটি টকা আৰু স্নাতকোত্তৰ শিক্ষন প্রতিষ্ঠানৰ আন্ত:গাঠনি উন্নয়নৰ বাবে ৬ কোটি টকা যােগান ধৰিব ।

লগতে পঢ়ক: নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ শেষকৃত্য সম্পন্ন

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে লগতে গুৱাহাটীৰ কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্রতিষ্ঠানক উত্তৰ পূৰ্বাঞ্চলত পঞ্চকর্ম থেৰাপীৰ ব্যৱস্থা কৰিব ৷ এই ক্ষেত্ৰত মানৱ সম্পদ সৃষ্টিৰ বাবে দ্বাদশ শ্ৰেণীৰ উৰ্ত্তীনৰ বাবে ১০ খন আসনসহ সমগ্র দেশতে নিযুক্তিৰ সা-সুবিধাৰ সৃষ্টিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগমৰ অনুমােদন প্রাপ্ত কাৰিকৰী পাঠ্যক্রম মুকলিৰ কথা ঘােষনা কৰে ।

তেওঁ শেহতীয়া ভাৱে আয়ুর্বেদিক খণ্ডৰ সকলাে ক্ষেত্রতে কেৰিয়াৰৰ সা-সুবিধা বৃদ্ধিৰ লগে লগে বিশ্বজুৰি ইয়াৰ জনপ্রিয়তা লেখত ল'বলগীয়া ভাৱে বৃদ্ধি পাইছে বুলি কয় । অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান তথা বিজ্ঞান আৰু প্রযুক্তি দপ্তৰৰ মন্ত্রী কেশৱ মহন্ত সন্মানীয় অতিথি হিচাপে উপষ্ঠিত থাকে । অভিবর্তনত আয়ুষ মন্ত্রালয়, আয়ুষ প্রতিষ্ঠান আৰু গৱেষণা পৰিষদ তথা উত্তৰ পূৰ্বাঞ্চলৰ আয়ুষ মহাবিদ্যালয়ৰ প্রায় ২৫০ প্রতিনিধিয়ে অংশগ্রহন কৰে ।

লগত পঢ়ক: দেওবাৰে অসমলৈ আহিব কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.