অসম

assam

Money embezzlement Case: বৰভিঠা এম ই স্কুলত শিক্ষাৰ নামত অৰাজকতা, প্ৰধান শিক্ষকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 2:08 PM IST

বৰভিঠা এম ই স্কুলৰ প্ৰধান শিক্ষক আৰু এছ এম ডি চিৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ । মধ্যাহ্ন ভোজনৰ, আন্তঃগাথঁনিৰ, ইউনিফৰ্ম আৰু ইক' ক্লাৱৰ টকা আত্মসাৎ কৰাৰ অভিযোগ প্ৰধান শিক্ষক আৰু সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে । প্ৰধান শিক্ষকক বদলিকৰণৰ দাবী ৰাইজৰ ।

Headmaster accused of embezzling money in Jania
বৰভিঠা এম ই স্কুলত শিক্ষাৰ নামত অৰাজকতা

বৰভিঠা এম ই স্কুলত শিক্ষাৰ নামত অৰাজকতা

জনীয়া,১২ নৱেম্বৰ:বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত বৰভিঠা এম ই স্কুলৰ প্ৰধান শিক্ষকৰ কৰ্ম কাণ্ডই চিন্তিত কৰি তুলিছে সচেতন মহলক । ছাত্ৰই নাজানে প্ৰধান শিক্ষকৰ নাম । সাংবাদিকে প্ৰধান শিক্ষকৰ নাম সোধাত নৰেন্দ্ৰ দামোদৰ দাস মোদী বুলিহে উত্তৰ দিয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে । বিদ্যালয়খনত শিক্ষাৰ নামত চৰম অৰাজকতা চলাৰ অভিযোগ ৰাইজৰ ।

বাৰে বাৰে উত্থাপন হৈ অহা অভিযোগৰ ভিত্তিত সাংবাদিকৰ দল এটাই বৰভিঠা এম ই স্কুলত উপস্থিত হয় । পিছে সাংবাদিক অহাৰ কথা উমান পাই বিদ্যালয়ৰ পৰা পলায়ন কৰে প্ৰদান শিক্ষকগৰাকীয়ে । ইমানেই নহয় প্ৰধান শিক্ষক ৱাহিদুৰ ৰহমান বিদ্যালয়ত উপস্থিত হৈ চহী কৰি গুচি যোৱাৰ অভিযোগো বহু পুৰণি । তাৰ সমান্তৰালভাৱে প্ৰধান শিক্ষকে পৰিচালনা কমিটিক হিচাপ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখযোগ্য যে প্ৰধান শিক্ষক ৱাহিদুৰ ৰহমান আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী কহিনুৰ খাতুনে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ টকা, আন্তঃগাথঁনিৰ টকা, ইউনিফৰ্ম আৰু ইক' ক্লাৱৰ টকা আত্মসাৎ কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন কৰে বিদ্যালয়খনৰ আন শিক্ষক, পৰিচালনা সমিতিৰ সদস্যৰ লগতে স্থানীয় ৰাইজে । প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভানেত্ৰীৰ এনে কাণ্ডত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।

তাৰোপৰি বিদ্যালয় খনত ৫ লাখ ৮ হেজাৰ ২০০ টকা ব্যয় সাপেক্ষে এটা বিল্ডিঙৰ কাম আহিছে যদিও কোনো আধাৰশিলা স্থাপন নকৰাকৈ তথা কোনো কমিটি গঠন নকৰাকৈ টকা উঠোৱাৰ অভিযোগ ৰাইজৰ । ইয়াৰোপৰি বিদ্যালয়খনত ৪৮ জন ছাত্ৰী-ছাত্ৰী থকাৰ বিপৰীতে ভুৱা ছাত্ৰ-ছাত্ৰী দেখুৱাই ১০২ জনৰ টকা উঠাই বাকী টকা আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ সহকাৰী শিক্ষকে ।

লগতে বিদ্যালয়খনৰ কন কন ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল প্ৰধান শিক্ষকে বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হৈছে । বিদ্যালয়খনৰ কন কন ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ প্ৰধান শিক্ষক ৱাহিদুৰ ৰাহমেনে হেতালি খেলা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে সহকাৰী শিক্ষকসকলে কিবা ক'লেই প্ৰধান শিক্ষকে দাখিল কৰে এজাহাৰ । এনে কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ প্ৰধান শিক্ষক ৱাহিদুৰ ৰহমান আৰু পৰিচালনা সমিতিৰ সভানেত্ৰী কহিনুৰ খাতুনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Scam in PMAY home allotment: টকা নিদিলে নাপায় PMAY গৃহ, ক্ষুব্ধ হিতাধিকাৰী

ABOUT THE AUTHOR

...view details