অসম

assam

বান সাহাৰ্যৰ নামত কেলেংকাৰী, সন্ধিয়া হ'লেই বস্তাই বস্তাই হৰলুকি পশুখাদ্য

By

Published : Jun 29, 2022, 2:10 PM IST

বান সাহাৰ্যৰ নামত কেলেংকাৰী
Flood relief scam, Animal food stolen at Jania

ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক ভেঙুচালি কৰি একাংশ অসাধু চক্ৰই চলাই আছে বান সাহাৰ্যৰ নামত বিয়াগোম কেলেংকাৰী (Flood relief scam) ৷ সন্ধিয়া হ'লেই ৰাইজৰ নামত অহা পশুখাদ্য বস্তাই বস্তাই সোমাই গাঁৱৰ বিষয়ববীয়াৰ গুদামত (Animal food stolen at Jania) ৷

কলগাছিয়া, 29 জুন :বানত বিধ্বস্ত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্ত (Assam flood 2022) । খাদ্য-বস্ত্ৰ-বাসস্থানৰ অভাৱত ভুগিছে বন্যাৰ্তই । ইফালে বানত হাহাকাৰ কৰিব লগা হৈছে পশুধনেও ৷ কেৱল মানুহৰে নহয় পশুধনেও ভুগিছে চৰম খাদ্য সংকটত(Animal food crisis)৷ ৰাজ্য চৰকাৰে বানাক্ৰান্তৰ লগতে পশুধনৰ বাবেও পৰ্যাপ্ত পৰিমানে খাদ্য যোগান ধৰাৰ কথা ঘোষণা কৰি কোনো বিষয়ববীয়া তথা সাহাৰ্য বিতৰণকাৰীক সাহাৰ্যৰ নামত কেলেংকাৰী সংঘটিত নকৰিবলৈ বাৰে বাৰে সকিয়নী দি আহিছিল ৷

তাৰ পিছতো ৰাজ্যৰ বিভিন্ন বানাক্ৰান্তৰ শিবিৰত সাহাৰ্য বিতৰণত কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য প্ৰকাশ হৈ আহিছে (Flood relief scam) ৷ এইবাৰ জনীয়াত পশুধনৰ খাদ্য হৰলুকিৰ ঘটনা পোহৰলৈ আহিছে (Animal food stolen at Jania) ৷ সন্ধিয়া হোৱাৰ লগে লগেই ই-ৰিক্সাৰে জনচক্ষুৰ আঁৰ লৈ বিষয়ববীয়াই বস্তাই বস্তাই পশুখাদ্য লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

বান সাহাৰ্যৰ নামত কেলেংকাৰী জনীয়াত

কলগাছিয়াৰ লাচাংগাত চৰকাৰী ৰিলীফৰ পশুখাদ্য হৰলুকিৰ ঘটনাই বানাক্ৰান্ত ৰাইজৰ মাজত হুৱা-দুৱাৰ সৃষ্টি কৰিছে ৷ বিতৰণৰ বাবে অনা পশুখাদ্য চুৰি কৰি লৈ যোৱা অৱস্থাত হাতে লুটে ধৰা পেলাই ৰাইজে ।

ঘটনা অনুসৰি জনীয়াৰ বানাক্ৰান্ত অঞ্চলটোত পশুধনৰ নামত পশুখাদ্য আহিছিল ৷ ইয়াৰ পিছতে মঙলবাৰে সন্ধিয়া সেই পশুখাদ্যৰে 30 বস্তা পশুখাদ্য ৰাহি কৰি 2 বস্তাকৈ গাঁৱৰ বিষয়ববীয়াসকলৰ ঘৰলৈ পশুখাদ্য ভাগ ভাগ কৰি লৈ গৈ থকাৰ সময়তে স্থানীয় ৰাইজৰ চকুত ধৰা পৰে ৷ স্থানীয় ৰাইজে পশুখাদ্যসমূহ জব্দ কৰি গাঁও সমন্বয়ৰক্ষী বিষয়া আইনাল হকৰ ঘৰলৈ যায় যদিও ৰাইজ অহাৰ পূৰ্বেই ঘৰৰ পিছফালৰ পথাৰেৰে পলায়ন কৰে আইনালে ৷ ইয়াৰ সমান্তৰালকৈ ক্ষোভিত ৰাইজে সদস্য আনোৱাৰ হুছেইন আৰু গাঁওবুঢ়া ইউছুব আলীও এই পশুখাদ্য হৰলুকিত জড়িত আছে বুলি মন্তব্য প্ৰকাশ কৰে ৷

উত্তাল ৰাইজে সংবাদমাধ্যমৰ আগত কয় যে, এইবোৰ আমাৰ ৰাইজৰ বস্তু ৷ আমি থানাত গোচৰ দিম ৷ এই চুৰিৰ উচিত শাস্তি হ'ব লাগে ৷ আমি ৰাজ্য চৰকাৰক এই ঘটনাৰ বিহিত ব্যৱস্থা লবলৈ অনুৰোধ জনাইছো ৷

লগতে পঢ়ক :জাগীৰোডৰ সূতা মিলৰ আবাসীক জোৰ জুলুম কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details