অসম

assam

কিয় সংবাদমেল পাতি ক্ষমা বিচাৰিলে গাঁওবুঢ়াই ?

By

Published : Sep 21, 2021, 5:31 PM IST

Btr

বৰপেটা জিলাৰ হাউলীৰ খাটালপাৰাত গাঁৱত উত্তেজনাম পৰিৱেশ । সংবাদমেলযোগে গাঁওবুঢ়াই ক্ষমা বিচাৰিবলগীয়া পৰিৱেশৰো সৃষ্টি । পিছে কিহৰ বাবে এই উত্তেজনা আৰু কিয় ক্ষমা বিচাৰিলে গাঁওবুঢ়াই ।

বৰপেটা,২১ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ হাউলীৰ খাটালপাৰা গাঁৱত সোমবাৰে সন্ধিয়া অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । সেই সভাতে দুই পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় আৰু এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে । এই ঘটনাত কাৰ্যবাহী সদস্য গৌতম দাসৰ বাহনত আক্ৰমণ কৰাৰ লগতে দুগৰাকী বিজেপি নেতা-কর্মীকো আক্রমণ কৰে একাংশ লোকে ৷

হাউলীৰ খাটালপাৰাত গাঁৱত উত্তেজনা

এই ঘটনাৰ পাছতে সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ ঘটনাক গৰিহণা দিয়ে খাটালপাৰাৰ গাঁওবুঢ়া দয়াল দাসে । লগতে বি টি চিৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ বাহনত আক্ৰমণ কৰা আৰু বিজেপিৰ নেতাক গাঁৱৰে একাংশই প্ৰহাৰ কৰা ঘটনাক লৈ সকলোৰে ওচৰত সংবাদমেলযোগে ক্ষমা বিচাৰে । সংবাদমেলত খাটালপাৰা গাঁৱৰ গাঁওবুঢ়া দয়াল দাসে নিশাৰ সেই সমগ্ৰ ঘটনা সন্দৰ্ভত লজ্জিত বুলি স্বীকাৰ কাৰে ।

নিশাৰ সেই অনাকাংক্ষিত ঘটনাক লৈ গাঁৱবাসীৰ হৈ ক্ষমা খোজে গাঁওবুঢ়া দয়াল দাসে । ইফালে কাৰ্যবাহী সদস্য গৌতম দাসে অভিযোগ কৰা অভিযুক্ত দিপুল দাস উপস্থিত থাকি নিশাৰ সেই সমগ্ৰ কাণ্ডত তেওঁ জড়িত নাই বুলি উল্লেখ কৰে সংবাদমেলত ।

সংবাদমেলত খাটালপাৰাৰ গাঁৱৰ বহু সংখ্যক লোক উপস্থিত থাকি বিজেপিৰ একাংশ নেতা-কৰ্মীৰ ভুলৰ বাবে এই সমগ্ৰ ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে । আনহাতে এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবেও সকলোৱে প্ৰাৰ্থনা কৰে ।

উল্লেখ্য যে গাঁওখনক বিটিআৰ অঞ্চলৰ পৰা কৰ্তন কৰা সন্দৰ্ভত আলোচনাৰ বাবে সভা খন অনুষ্ঠিত হৈছিল । ইফালে বিজেপি দলৰে দুটা পক্ষৰ মাজতে এই বিষয়কৈ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল । যাৰ বাবে পৰৱৰ্তী সময়ত সংঘৰ্ষৰ সৃষ্টি হোৱা দেখা যায় । জানিব পৰা মতে মহিলা মৰ্চাৰ নেত্ৰী,মণ্ডল পৰ্যায়ৰ নেতাকে ধৰি বহু কেইগৰাকী বিজেপি নেতাও উপস্থিত আছিল এই সভাত ।

লগতে পঢ়ক:অপাৰেচন মাটিৰ দালাল !

ABOUT THE AUTHOR

...view details